নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্য; সমর্থন জনাব আমেৰিকাই

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ  ৰাষ্ট্রসংঘ নিৰাপত্তা পৰিষদৰ ভাৰতৰ স্থায়ী সদস্য আৰু পাৰমাণৱিক যোগানকাৰী গোট (এনএছজি)ত অন্তর্ভুক্তিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রই পূর্ণ সমর্থন জনাব বুলি ৰাষ্ট্রপতি জ’ বাইডেনে প্রতিশ্রুতি দিছে৷ কালি হোৱাইট হাউছত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে হোৱা ৯০ মিনিটজোৰা দ্বিপাক্ষিক বৈঠকৰ সময়ত মার্কিন ৰাষ্ট্রপতি বাইডেনে নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্য আৰু এনএছজিত ভাৰতৰ অন্তর্ভুক্তিৰ বাবে দেশখনে সমর্থন জনাই যাব বুলি প্রতিশ্রুতি দিয়ে৷ উল্লেখ্য যে যোৱা আগষ্ট মাহত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ শক্তিশালী নেতৃত্বই ভূয়সী প্রশংসা কৰে৷ মন কৰিবলগীয়া যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দশক দশক ধৰি চলি অহা ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ বাবে বাৰম্বাৰ আহ্বান জনাই আহিছে৷ এই নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে অন্তর্ভুক্তিৰ বাবেও বিভিন্ন আন্তর্জাতিক মঞ্চত প্রকাশ কৰি আহিছে৷ ভাৰতৰ এই পদক্ষেপক আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে পূর্ণ সমর্থন জনাইছিল৷ প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পৰ সেই প্রতিশ্রুতি আগবঢ়াই নি কালি ৰাষ্ট্রপতি বাইডেনে প্রধানমন্ত্রী মোদীক উল্লিখিত ক্ষেত্রত দেশখনে পূর্ণ সমর্থন আগবঢ়াই যাব বুলি বৈঠকত প্রতিশ্রুতি দিয়ে৷

You might also like