অসমৰ থলুৱা খাদ্য আৰু ইয়াৰ খাদ্যগুণ
অসম প্রাকৃতিক সম্পদেৰে পৰিপূর্ণ এখন ৰাজ্য৷ অসমৰ খাদ্যাভ্যাসতো ইয়াৰেই সম্পূর্ণ প্রভাৱ আছে৷ অর্থাৎ অসমৰ মানুহ প্রাকৃতিকভাৱে আহৰণ কৰা খাদ্যৰ ওপৰতে নির্ভৰশীল৷ এই প্রাকৃতিকভাৱে আহৰণ কৰা থলুৱা খাদ্যসমূহৰ আকৌ খাদ্যগুণ অপাৰ৷ অসমীয়া পৰম্পৰাগত থলুৱা খাদ্যসমূহ খুবেই স্বাস্থ্যসন্মত তথা সহজলভ্য আৰু সুলভ৷ লগতে প্রায়ভাগ খাদ্যৰেই ঔষধি গুণো আছে৷ পঁইতাভাত আৰু ভোট জলকীয়াৰ গুণৰ কথা এতিয়া বিশ্ববাসীয়ে জানে৷ আজি এনে কেইবিধমান খাদ্যৰ খাদ্যগুণ তথা ঔষধি গুণাগুণৰ বিষয়েই লিখিবলৈ লৈছোঁ৷ অসমৰ প্রায় সকলোবিধ থলুৱা খাদ্যৰে বহুতো এনে স্বাস্থ্যসন্মত গুণাগুণ আছে৷ আজি ইয়াত তিনিবিধ অসমীয়াৰ বিশেষ খাদ্যৰ খাদ্যগুণৰ বিষয়ে আলোচনা কৰিম৷
ভীমকল খাইছেই চাগৈ৷ নিশ্চয়কৈ ভীমকল নোখোৱা অসমীয়া নোলাবই৷ আজি ভীমকলৰ গুণাগুণ আৰু পৰিপোষক তত্ত্বৰ বিষয়ে ক’ব খুজিছোঁ৷ অসমত অতীজৰে পৰা প্রাকৃতিকভাৱে পোৱা এবিধ থলুৱা প্রজাতিৰ কল হৈছে ভীমকল৷ ভীমকলৰ উপকাৰিতা অপৰিসীম৷ ই এবিধ উৎকৃষ্ট শিশু খাদ্য৷ ভীমকলে শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতা বৃদ্ধি কৰে৷ ভীমকলত খুব শক্তিশালী ৰূপে এণ্টি–ক্সিডেণ্টৰ গুণো পোৱা যায়৷ ভীমকলত কেলচিয়াম, নাইট্র’জেন আৰু ফছফৰাছ থাকে, যিয়ে শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতা বঢ়োৱাৰ লগতে শৰীৰৰ নতুন কোষ গঠন কৰাতো সহায় কৰে৷ ভীমকলত প্র’টিন, বিভিন্ন মিনাৰেল আৰু ভিটামিনো পোৱা যায়৷ আমাৰ দেহত হোৱা বিভিন্ন ৰোগ যেনে– গাঁঠিৰ বিষ, গ্রহণী আৰু হূদৰোগ আদিৰ বাবেও ভীমকল উপকাৰী৷ ভীমকলত সূক্ষ্মৰ পৰা সূক্ষ্মতম পোষক তত্ত্বও পোৱা যায়, যি শৰীৰৰ বাবে খুবেই উপকাৰী৷ ভীমকলৰ আটাইতকৈ ভাল লগা কথাকেইটা হ’ল যে ইয়াত কেলৰিৰ মাত্রা একেবাৰেই কম, লগতে ই সহজলভ্য আৰু সুলভ মূল্যৰ৷
‘খাৰখোৱা অসমীয়া’ বুলি এষাৰ কথা আছে নহয়, প্রায়েই জানেই৷ প্রতিসাঁজ পৰিপূর্ণ অসমীয়া খাদ্যৰ আৰম্ভণি হয় খাৰৰ এখন আঞ্জাৰে৷ কলাখাৰো প্রস্তুত কৰা হয় ভীমকলৰ বাকলি পুৰি নহ’লে গছজোপাৰ গা–গছ অংশ পুৰি ছাই কৰি৷ সেই ছাইৰ পৰা নিগৰি ওলোৱা পানীকেই বিভিন্ন ধৰণৰ পাচলি যেনে অমিতা, শেৱালি ফুল, মাটিমাহৰ দালিৰ লগতো মিহলি কৰি উপাদেয় ব্যঞ্জন প্রস্তুত কৰা হয়৷ কলাখাৰে হজমজনিত সমস্যা সমাধান কৰাৰ লগতে পেটৰ সকলো বাহ্য পদার্থ নিষ্কাশন কৰে৷ গাঁৱে–ভূঞে এতিয়াও কলাখাৰক চুলি আৰু কাপোৰ ধুবৰ বাবেও ব্যৱহাৰ কৰে৷ কলাখাৰত শৰীৰৰ বিভিন্ন ধৰণৰ সৰু–সুৰা ৰোগ প্রতিৰোধ কৰিব পৰা ক্ষমতা থকাৰ লগতে কটা–ছিঙা সহজে শুকুৱাবৰ বাবেও ব্যৱহাৰ কৰিব পৰা যায়৷ কলাখাৰ পেটৰ বিভিন্ন ৰোগ নিৰাময়ত উপযোগী৷ যেনে ধৰক বর্তমান সময়ত প্রায়ভাগ মানুহৰে থকা এচিডিটীৰ সমস্যা– এই সমস্যাত কলাখাৰ বিশেষভাৱে উপযোগী৷ কলাখাৰে হজম শক্তি বঢ়োৱাৰ লগতে অৰুচি বা আভোক লগা বন্ধ কৰিব পাৰে৷ আনকি বৃক্কত হোৱা পাথৰৰ সমস্যা আৰু পানী লগা, কাহ হৈ মাত ভাঙি যোৱা, উচ্চ ৰক্তচাপৰ সমস্যা আদিতো কলাখাৰে ঔষধৰ দৰে কাম কৰে৷
এতিয়া আহোঁ পিঠাগুড়িৰ কথালৈ৷ পিঠাগুড়ি অসমীয়া জলপানৰ এক প্রধান অংশ বা উপাদান৷ গলুটেন নামৰ এবিধ প্র’টিন সাধাৰণতে এনেধৰণৰ গুড়ি কৰা আটা বা ময়দাৰ গুড়িত পোৱা যায়৷ পিঠাগুড়ি এই গলুটেনৰ পৰা মুক্ত৷ বহু লোকৰে এই গলুটেন সেৱন কৰিলে এলার্জীৰ দৰে সমস্যা হয়, পিঠাগুড়িত এই সমস্যা নাই৷ পিঠাগুড়িৰে লুঠৰি প্রস্তুত কৰি শিশুসকলক বা ৰুগীয়া লোকসকলক খাব দিয়া হয়৷ পিঠাগুড়িত থকা আঁহজাতীয় গুণৰ বাবে ই মল ত্যাগ প্রক্রিয়া সুস্থ কৰি তোলে৷ ই হজমতো সহায়ক৷ লগতে পিঠাগুড়িয়ে তেজত সৃষ্টি হোৱা কলেষ্টেৰলৰ মাত্রাও হ্রাস কৰে৷ পিঠাগুড়িত উচ্চ পৰিমাপত ভিটামিন বি পোৱা যায়৷ পিঠাগুড়ি হজম কৰিবলৈও সহজ৷
প্রধানতঃ শিশু–স্বাস্থ্য সম্পর্কে ভীমকল আৰু পিঠাগুড়ি কিমান উপকাৰী সেই বিষয়ে এজন শিশুৰোগ বিশেষজ্ঞ আৰু এগৰাকী খাদ্য পৰিপুষ্টি বিশেষজ্ঞক সোধা হৈছিল৷ শিশুৰোগ বিশেষজ্ঞ ডাঃ অণিত সোণোৱালৰ মতে ছমাহ সম্পূর্ণ হোৱা শিশুৰ বাবে ভীমকল আৰু পিঠাগুড়ি খুবেই উপযোগী খাদ্য৷ খাদ্য পৰিপুষ্টি বিশেষজ্ঞ মিতালী দুৱৰাৰ মতে বাঢ়ন্ত শিশুৰ বাবে ভীমকল আৰু পিঠাগুড়িত পোৱা পুষ্টিদায়ক মৌলসমূহ খুবেই জৰুৰী৷
উপৰিউক্ত যিবোৰ খাদ্যৰ গুণাগুণ সম্পর্কে লিখিলোঁ, সেই খাদ্যসমূহৰ গুণাগুণ অটুট ৰখা বজাৰত খুব সহজতে উপলব্ধ কিছু খাদ্যসামগ্রী হৈছে– ১৷ আছাম মিক্স চাউল আৰু ভীমকলৰ এই মিশ্রণৰ যোগেদি ৬ মাহৰ পৰা আৰম্ভ কৰি ৬ বছৰীয়া শিশুৰ অপুষ্টিজনিত ৰোগক বাধা দিব পাৰে৷ ইয়াৰ লগতে ইয়াত মগু দাইল, তিল আৰু বাদামৰ গুড়িৰ মিশ্রণো আছে৷ লগতে প্রয়োজনীয় সকলো খনিজ দ্রব্য আৰু ভিটামিনো উপলব্ধ আছাম মিক্সত৷
২৷ আছাম ভীম–গাখীৰ, চাউলৰ গুড়ি আৰু ভীমকলৰ গুড়িৰে প্রস্তুত কৰা এই মিশ্রণ ৬ মাহ পাৰ কৰা সকলো শিশুৰ বাবেই এক উপযোগী খাদ্য৷ এই মিশ্রণ আনকি গর্ভৱতী মহিলা, কিশোৰী আৰু বৃদ্ধৰ বাবেও উপযোগী৷ আছাম ভীমত আইৰন, জিংক, কেলচিয়াম আৰু অন্যান্য খনিজ পদার্থৰ লগতে ১২ বিধ জৰুৰী ভিটামিনো পোৱা যায়৷ এই মিশ্রণত এটি শিশুৰ দেহত দৈনিক প্রয়োজন হোৱা প্র’টিনৰ ৫০ শতাংশ প্রয়োজন পূৰণ হয়৷
৩৷ ফিট ভীম – এইবিধ খাদ্যসামগ্রী প্রস্তুত কৰা হয় ভীমকলৰ গুড়ি, পিঠাগুড়ি আৰু গাখীৰৰ মিশ্রণেৰে৷ ২ বছৰৰ ঊর্ধ্বৰ শিশুৰ বাবে প্রয়োজনীয় সকলো পুষ্টিকাৰক দ্রব্যই ফিট ভীমত উপলব্ধ৷
৪৷ কলাখাৰ– কলাখাৰৰ গুণাগুণ সম্পর্কে ইতিমধ্যেই ওপৰত উল্লেখ কৰা হৈছে৷
উপৰিউক্ত আটাইবোৰ খাদ্যসামগ্রী বৈজ্ঞানিকভাৱে পৰীক্ষিত আৰু সকলোবিধ খাদ্যৰ মিশ্রণতে উল্লিখিত প্রাকৃতিক খাদ্যসমূহৰ সকলো গুণাগুণ উপলব্ধ৷