নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎসৱৰ বতৰত ক’ভিড প্রট’কল মানি চলক

ৰেডিঅ’ কার্যসূচী ‘মন কী বাত’ত প্রধানমন্ত্রী মোদী

নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ উৎসৱৰ বতৰত দেশবাসীক ক’ভিড প্রট’কল মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ভিড টিকাকৰণৰ পৰা যাতে কোনো এজন লোক বাদ পৰি নাযায় তাক নিশ্চিত কৰিবলৈ দেশবাসীক আহ্বান জনায় প্রধানমন্ত্রীগৰাকীয়ে৷ প্রধানমন্ত্রী মোদীৰ বহুচর্চিত জনপ্রিয় ৰে’ডিঅ’ কার্যসূচী মন কী বাতৰ আজিৰ সংস্কৰণত ক’ভিডক লৈ এই আহ্বান জনোৱাৰ লগতে প্রধানমন্ত্রীগৰাকীয়ে দেশবাসীক প্রতিবছৰে এদিন নদী উৎসৱ পালন কৰিবলৈ আহ্বান জনায়৷

বিশ্ব নদী দিৱস উপলক্ষে দেশবাসীক দেশৰ নদীসমূহ প্রদূষণমুক্ত কৰি ৰাখিবলৈ ঐক্যবদ্ধ পদক্ষেপ হিচাপে এদিন এই নদী উৎসৱ পালন কৰাৰ বাবে আহ্বান জনায় প্রধানমন্ত্রীয়ে৷ তেনেদৰে অহা ২ অক্টোবৰ গান্ধীজয়ন্তী উপলক্ষে খাদী সামগ্রী ব্যৱসায়ত অভিলেখ গঢ়িবলৈ দেশবাসীক আহ্বান জনায়৷ লক্ষণীয় যে মর্যাদা পুৰুষোত্তম শ্রীৰামে যি দৰে অসুৰৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল তেনেদৰে ক’ভিডৰ বিৰুদ্ধে দেশবাসীয়েও যুঁজক জয় কৰিব লাগিব বুলি কয় মোদীয়ে৷

You might also like