নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ বিশিষ্ট সংস্কৃত পণ্ডিত, অসমীয়া ভাষা–সাহিত্য–সংস্কৃত্ নিৰলস সাধক উমাকান্ত শর্মাক ২০১৯ বর্ষৰ কথা সাহিত্য বঁটা প্রদান কৰা হ’ব অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনত ৷ সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত সভাৰ প্রধান সম্পাদক পদুম ৰাজখোৱাই কয় যে অসমীয়া গদ্য সাহিত্যৰ অন্যতম এগৰাকী বাটকটীয়া শ্রীশ্রী বৈকুণ্ঠনাথ ভট্টাচার্যৰ পৱিত্র সোঁৱৰণত এই বঁটা অসম সাহিত্য সভাই প্রতি দুবছৰৰ মূৰে মূৰে প্রদান কৰি আহিছে ৷ প্রথম এই বঁটা লাভ কৰিছিল আউনীআটী সত্রৰ সত্রাধিকাৰ ড০ পিতাম্বৰ দেৱ গোস্বামীয়ে৷ ইপিনে, অসম সাহিত্য সভাই প্রতি দুবছৰৰ মূৰে মূৰে প্রদান কৰি অহা বাসুদেৱ জালান সোঁৱৰণী বঁটা, ২০২০ বিশিষ্ট সাহিত্যিক কপূৰ চান্দ জৈনলৈ আগবঢ়োৱা হৈছে ৷ অহা ২৪ জানুৱাৰীত সভাৰ সংগীতাচার্য লক্ষ্মীৰাম বৰুৱা সদনত আবেলি ৪ বজাত এই বঁটা প্রদান কৰা হ’ব ৷ ১৯৪২ চনৰ ১০ নৱেম্বৰত কামৰূপ জিলাৰ পলাশবাৰীত জন্মগ্রহণ কৰা কপূৰ চান্দ জৈনে ইংৰাজী বিষয়ত স্নাতকোত্তৰ আৰু আইনৰো ডিগ্রী লাভ কৰে ৷ কেইবাটাও ভাষাত ব্যুৎপত্তি থকা জৈনে প্রবন্ধ ভাৰতী, নাৰদ ভক্তি সূত্র, বসন্ত চকুলো আৰু হাঁহি, সোঁৱৰণীৰ কুঁৱলী ফালি, সোণোৱালী বালিৰ এমুঠি শীর্ষক কেইবাখনো গ্রন্থৰ উপৰি অনুবাদ গ্রন্থ ৰচনা কৰিছে৷ ৰংবং তেৰাং, য়েছে দৰজে ঠংছি, টাবুৰাম টাইড, মধুৰাম বড়ো, নাহেন্দ্র পাদুন, ৰত্নেশ্বৰ বসুমতাৰীৰ পাছতেই এই বঁটা জৈনলৈ আগবঢ়োৱা হৈছে বুলি সভাৰ প্রধান সম্পাদক পদুম ৰাজখোৱাই জানিবলৈ দিয়ে ৷