ক’ভিড–১৯ত টুটিল মানুহৰ আয়ুস
নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ ঘাতক ন’ভেল ক’ৰোনা ভাইৰাছ তথা ক’ভিড–১৯ মহামাৰীয়ে মানুহৰ আয়ুস হ্রাস কৰিলে৷ অক্সফ’ড বিশ্ববিদ্যালয়ৰ অধ্যয়নত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে৷ অক্সফ’ড বিশ্ববিদ্যালয়ৰ অধ্যয়নৰ তথ্য মতে, ২০১৯ চনৰ তুলনাত ২০২০ চনত অর্থাৎ ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বছৰত মানুহৰ আয়ুসকাল ৬ মাহতকৈও অধিক হ্রাস পাইছে৷ আমেৰিকা যুক্তৰাষ্ট্র, ইউৰোপ আৰু চিলিকে ধৰি ২৯খন দেশৰ ভিতৰত ২৭খনতে মানুহৰ আয়ুস হ্রাস পাইছে৷
মন কৰিবলগীয়া যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পৃথিৱীৰ দেশসমূহত মানুহৰ আয়ুস হ্রাস পাইছিল৷ ইয়াৰ তুলনাত বিগত বর্ষত ক’ভিড–১৯ মহামাৰীৰ সময়ছোৱাত মানুহৰ আয়ুস অধিক টুটিছে৷ ইণ্টাৰনেচনেল জার্নেল অৱ এপিডেমি’লজীত প্রকাশিত অক্সফ’ড বিশ্ববিদ্যালয়ৰ অধ্যয়নৰ প্রতিবেদনৰ অন্যতম নেতৃত্ব বহনকাৰী ড০ ঋধি কাশ্যপে প্রকাশ কৰা মতে অধিকাংশ দেশতেই মহিলাতকৈ পুৰুষৰ আয়ুসকাল বেছিকৈ হ্রাস পাইছে৷ আমেৰিকা যুক্তৰাষ্ট্রত পুৰুষৰ আয়ুসকাল সর্বাধিক হ্রাস পাইছে৷ ২০১৯ চনৰ তুলনাত ক’ভিড–১৯ৰ ২০২০ বর্ষত আয়ুস ২.২ বছৰকৈ হ্রাস পাইছে৷
উল্লেখ্য যে ঘাতক ক’ভিড–১৯ত আক্রান্ত হৈ বিশ্বজুৰি এতিয়ালৈকে ৪,৭৬১,৮৯৫জনৰ প্রাণহানি হৈছে৷ ইয়াৰ ভিতৰত সর্বাধিক আমেৰিকাত ৭০৬,৩১৭জনে প্রাণ হেৰুৱাইছে৷ ইয়াৰ পিছতেই ব্রাজিলত পাঁচ লক্ষাধিক আৰু ভাৰতত চাৰি লক্ষাধিক লোকে প্রাণ হেৰুৱাইছে৷ ক’ভিড–১৯ মহামাৰীয়ে মানৱ জাতিৰ আয়ুসৰ ওপৰত যে প্রত্যক্ষ প্রভাৱ পেলাইছে সেই সত্যতা অক্সফ’ড বিশ্ববিদ্যালয়ৰ অধ্যয়নৰ প্রতিবেদনত স্পষ্ট হৈ পৰিছে৷ মন কৰিবলগীয়া যে উন্নত দেশৰ বিপৰীতে নিম্ন আৰু মধ্য উপার্জনকাৰী দেশসমূহতো ক’ভিড–১৯ মহামাৰীয়ে মানুহৰ আয়ুসৰ ওপৰত সমানেই প্রভাৱ পেলাইছে৷