নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিৰামক অনুমতি ডিচিজিআইৰঃ ৭–১১ বছৰীয়াৰ দেহত ক’ভিড ভেকচিন পৰীক্ষণ

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ঔষধ প্রস্তুত কোম্পানী ন’ভাভেক্সৰ ক’ভিড–১৯ ভেকচিন ৭–১১ বছৰীয়া শিশুৰ দেহত পৰীক্ষণ চলাবলৈ দেশৰ প্রখ্যাত ঔষধ প্রস্তুত কোম্পানী ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াক অনুমতি দিয়া হৈছে৷ ড্রাগছ কণ্ড্রোলাৰ জেনেৰেল অৱ ইণ্ডিয়া চমুকৈ ডি চি জি আয়ে আজি ছিৰামক ন’ভাভেক্সৰ ক’ভিড ভেকচিন পৰীক্ষণৰ বাবে ৭–১১ বছৰীয়া শিশুৰ নাম পঞ্জীয়ন কৰাৰ বাবে অনুমতি দিছে৷

উল্লেখ্য যে ছিৰামে ইতিমধ্যে ১২–১৭ বছৰীয়াৰ দেহত ক’ভিড–১৯ ভেকচিনৰ পৰীক্ষণ আৰম্ভ কৰিছে৷ গুৰুত্বপূর্ণ যে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই বর্তমান ভাৰতত প্রদান কৰি থকা ক’ভিড–১৯ ভেকচিন কভিশ্বিল্ড বিকশিত কৰাৰ লগতে উৎপাদনো কৰি আছে৷

You might also like