নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছোৱালীয়ে ল’ৰাৰ কি অভ্যাস বেয়া পায় জানেনে…

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ যেতিয়াই ল’ৰাবোৰে ধুনীয়া ছোৱালী এজনী দেখে, তেওঁলোকে ভাবে যে তেওঁলোকে  তাইক  সহজে প্ৰভাৱিত কৰিব পাৰিব। কিন্তু সেইটো ইমান সহজ নহয়। যেনেকৈ ল’ৰাবোৰে পচন্দ কৰে ঠিক তেনেকৈ, ছোৱালীবোৰৰ ল’ৰাতকৈ পছন্দ বেছি। ছোৱালীবোৰে সাধাৰণতে লৰাৰ চেহেৰাতকৈ ল’ৰাৰ অভ্যাসক অধিক লক্ষ্য কৰে।

যেতিয়া ল’ৰা এজনে ছোৱালী এজনীৰ সৈতে কথা পাতে, ল’ৰাজনে তেতিয়া ছোৱালীবোৰে কিমান বস্তু লক্ষ্য কৰে সেইটো কেতিয়াও অনুভৱ নকৰে। যদি কোনো ল’ৰাই ছোৱালীজনক জীৱন সংগী কৰিব বিচাৰে তেন্তে কেইটামান অভ্যাস ত্যাগ কৰিব লাগিব। কি কি সেই অভ্য়াস জানো আহক..

নিজকে প্ৰশংসা কৰাঃ যিসকল ল’ৰাই সদায় নিজকে প্ৰশংসা কৰে তেনেকুৱা ল’ৰাক আৰু ছোৱালী গৰাকীয়ে একেবাৰে বুজি নাপায়। এনে ল’ৰাবোৰে সকলো বোৰ কথা নিজৰ ধৰণে বুজি পায় আৰু তেওঁলোকৰ চিন্তাধাৰা আনৰ ওপৰত জাপি দিব বিচাৰে। কিন্তু ছোৱালীবোৰে ল’ৰা ভাল পায় যিয়ে আনৰ কথাও শুনে।

নেতিবাচক চিন্তাকৰা ল’ৰাঃ যিসকল ল’ৰাই প্ৰতিটো কথাতে নেতিবাচক, আৰু দুখী হৈ থাকে তেওঁলোক ছোৱালীয়ে ভাল নাপায়। ছোৱালীৰ মনত ল’ৰাৰ প্ৰতিচ্ছবি সদায় এক শক্তিশালী পুৰুষৰ দৰে। তেওঁলোকে ভাবে যে ল’ৰাবোৰে তেওঁলোকৰ মনোবলৰ পৰা যিকোনো পৰিস্থিতি অতিক্ৰম কৰিব পাৰে।

পৰচৰ্চাঃ যিসকল ল’ৰাই পৰচৰ্চা কৰি ভাল পায় তেওঁলোকৰ নিজৰ সময় আৰু লগতে আনৰ সময় অপচয় কৰে। এনে লোকসকলে যিকোনো লোকক সোনকালে বিচাৰ কৰে আৰু তাৰ পিছত এই বিষয়ে য’ত ততে কথা কয়। ছোৱালীবোৰে এনে ধৰণৰ লৰা পচন্দ নকৰে।

ভাল ব্যৱহাৰঃ  ছোৱালীবোৰে সদায় এনে এজন ল’ৰা বিচাৰে যি শালীন আৰু স্মাৰ্ট। যি ল’ৰাই সকলোকে ভাল ব্যৱহাৰ কৰে তেনে লৰাক ছোৱালী এজনীয়ে সোনকালে পচন্দ কৰি লয়। বিশেষকৈ সামাজিক আচৰণ জনা আৰু প্ৰয়োজন হ’লে পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা লৰা ভাল পায়। ছোৱালীবোৰে বিনাকাৰণত চিঞৰ বাখৰ কৰা আৰু মিছা কথা কোৱাৰ দৰে অভ্যাস ভাল নাপায়।

কিছুমান ল’ৰাৰ এটা অভ্যাস আছে, যে তেওঁলোকে সকলোৰে ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰে। এনে লোকসকলে তেনেদৰে ছোৱালীক নিয়ন্ত্ৰণ কৰিব বিচাৰে। এনেধৰণৰ ল’ৰাক ছোৱালীবোৰে ভাল নাপায়।

You might also like