নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিডুত “ই-শ্ৰম” অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী

নিয়মীয়া বাৰ্তা , ২৯ ছেপ্টেম্বৰঃ– আজি মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মণ্ডল, মাৰ্ঘেৰিটা সদৰ মণ্ডল আৰু মাৰ্ঘেৰিটা ব্লক মণ্ডলৰ উদ্যোগত লিডু কেন্দ্ৰীয় ৰংগমঞ্চ (টিকক)ত অনুষ্ঠিত হোৱা “ই-শ্ৰম” অনুষ্ঠান অনুষ্ঠিত হয়। এই সভাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷
উল্লেখযোগ্য যে, দেশ স্বাধীন হোৱা ৭৫ বছৰ উপলক্ষে পালন কৰা “স্বাধীনতাৰ অমৃত মহোৎসৱ” ৰ লগত সংগতি ৰাখি আয়োজন কৰা এই ই-শ্ৰম অনুষ্ঠানৰ যোগেদি শ্ৰম কাৰ্ড প্ৰদান কৰা হয়। এই কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰ সৈতে উপস্থিত থাকে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা।
ই-শ্ৰমৰ দ্বাৰা জনসাধাৰণ কিদৰে লাভাম্বিত হ’ব সেই সম্পৰ্কে ভাষণ প্ৰসংগত মন্ত্ৰী তেলীয়ে কয় যে , প্ৰতিজন শ্ৰমিকৰ হ’ব একোখনকৈ ই-শ্ৰম কাৰ্ড, এজন শ্ৰমিকৰ ই-শ্ৰম কাৰ্ড নম্বৰে সমগ্ৰ দেশতে স্বীকৃতি পাব
,পঞ্জীভূক্ত শ্ৰমিকসকলে চৰকাৰী আঁচনিৰ সুবিধাসমূহ পোৱাত সহায় হ’ব, মহামাৰীৰ সময়ত সকলো শ্ৰমিকৰ পোনপটীয়াক লাভ লব পাৰিব। প্ৰতিগৰাকী শ্ৰমিকক এই ই-শ্ৰমৰ সৈতে জড়িত হ’বলৈ আন্তৰিকতাৰে আহ্বান জনাই মন্ত্ৰী তেলীয়ে। আজিৰ সভাত বিজেপিৰ তিনিচুকীয়া জিলাৰ সভাপতি কুশকান্ত বড়া , জিলা সম্পাদক পুলক চেতিয়া প্ৰমুখ্য কৰি দলীয়া কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷

You might also like