গুৰুজনাই সাঁচিপাতত ৰচনা কৰা কীর্তন পুথি বৈজ্ঞানিকভাৱে সংৰক্ষণৰ ঘোষণা মুখ্যমন্ত্রীৰ
বৰগাঙৰ বৰভিল কালী মন্দিৰত পূজা–গাংমৌ থানত সেৱা
নিয়মীয়া বাৰ্তা ৩০ ছেপ্টম্বৰঃ মুখ্যমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ পাছত বুধবাৰে পোনপ্রথমবাৰৰ বাবে ড০ হিমন্ত বিশ্ব শর্মা বিশ্বনাথ জিলাৰ বিহালী আৰু গহপুৰ সমষ্টিত উপস্থিত হৈ কেইবাটাও কার্যসূচীত অংশগ্রহণ কৰে৷ পুৱা ১০.৩০ বজাত বিহালী সমষ্টিৰ বৰগাঙৰ বৰভিল চাহ বাগিচাৰ জাগ্রত কালী মন্দিৰত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ শর্মাই পূজা–র্চনা কৰি আশিস লয়৷ ১৯১৩ চনতে প্রতিষ্ঠা হোৱা এই কালী মন্দিৰত ৰাইজে পূজা–অর্চনা কৰি কলেৰাৰ পৰা পৰিত্রাণ পোৱাৰ বিশ্বাস বর্তি থকাৰ সমান্তৰালভাৱে ক’ভিডৰ দৰে মহামাৰীৰ পৰা ৰক্ষা পোৱাত এই জাগ্রত কালী মাৰ অপাৰ মহিমা থকা বুলি প্রচলিত বিশ্বাস অনুসৰিয়েই মুখ্যমন্ত্রী ড০ শর্মাই প্রথমে মন্দিৰটোত উপস্থিত হৈ ৰাইজৰ বাবে পূজা–অর্চনা কৰি আশিস লয়৷
কালী মন্দিৰটো দর্শন কৰি মুখ্যমন্ত্রী ড০ শর্মাই নামঘৰ, সত্র, মন্দিৰ আদিত সেৱা কৰিলে মানসিক প্রশান্তি লাভ কৰাৰ কথা দোহাৰি এনেদৰে পৱিত্রতাৰে জীৱনৰ বাটত খোজ দিলে কৃতকার্য হয় বুলি মন্তব্য কৰে৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই গুৰুজনাৰ পদস্পর্শৰে ধন্য বিহালী সমষ্টিৰ পৱিত্র ভূমি গাংমৌ থানত উপস্থিত হৈ এগছি বন্তি জ্বলাই সেৱা লয়৷ গাংমৌ থানত গায়ন–বায়নে মুখ্যমন্ত্রী ড০ শর্মাক আদৰি নিয়াৰ লগতে মহাপুৰুষজনা ৰচিত সাঁচিপাতৰ কীর্তন পুথিও দেখুওৱা হয়৷ কেইবাশতিকা সাঁচিপাতৰ কীর্তন পুথিখন থলুৱা প্রক্রিয়াৰে সংৰক্ষণ কৰা প্রত্যক্ষ কৰি মুখ্যমন্ত্রী ড০ শর্মাই আপুৰুগীয়া কীর্তন পুথিখন বৈজ্ঞানিকভাৱে সংৰক্ষণ কৰাৰ লগতে কীর্তন ঘৰৰ বাবে মুখ্যমন্ত্রীয়ে আর্থিক সাহায্য প্রদানৰ কথা অৱগত কৰে৷ গাংমৌত নির্মিত প্রেক্ষাগৃহৰ বাবে পুনৰ দুই কোটি টকাৰ আবণ্টন দিয়াৰ প্রতিশ্রুতি দিয়ে৷
সেইদৰে জাগ্রত কালী মন্দিৰৰ বাবে এক কোটি টকাৰ অনুদানৰ ঘোষণা কৰাৰ লগতে মন্দিৰলৈ অহা–যোৱা কৰা পথটো নির্মাণৰ বাবে ধন আবণ্টন দিয়াৰ বিষয়ে প্রকাশ কৰে৷ সেইদৰে মুখ্যমন্ত্রী ড০ শর্মাই বিহালী সমষ্টিৰ বৰকঠীয়াবাৰীৰ অংগনৱাড়ী কেন্দ্রত উপস্থিত হৈ পোষণ মাহ সামৰণী অনুষ্ঠানত অংশগ্রহণ কৰি কণ কণ শিশুসকলৰ সৈতে অন্তৰংগ ভাব বিনিময় কৰে৷ ইপিনে সমষ্টিটোৰ বটিয়ামাৰীত চলি থকা ব্রহ্মপুত্রৰ খহনীয়া পৰিদর্শন কৰি মুখ্যমন্ত্রী ড০ শর্মাই অঞ্চলটোৰ সুৰক্ষাৰ বাবে জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য সচিবক দীর্ঘম্যাদী আঁচনি গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ গৰাখহনীয়া প্রতিৰোধ কৰাৰ ক্ষেত্রত যিহেতু জি’ বেগ শ্ল’পিং ব্যৱহাৰ কৰা হ’ব, সেয়ে নদী–কাষৰীয়া ৰাইজৰ প্রত্যেককে কিছু মাটি এৰি দিয়াৰ বাবেও তেওঁ আহ্বান জনায়৷ এইক্ষেত্রত চৰকাৰে দুই কোটি টকা আবণ্টনৰ বিষয়েও তেওঁ প্রকাশ কৰে৷ খহনীয়া পৰিদর্শনৰ সময়ত বটিয়ামাৰীৰ ভানু ৰংগ মঞ্চত আয়োজন কৰা এক সম্বর্ধনা অনুষ্ঠানত গোর্খা জনগোষ্ঠীকে ধৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে মুখ্যমন্ত্রীগৰাকীক বিপুলভাৱে সম্বর্ধনা জনায়৷ বিহালী সমষ্টি ভ্রমণৰ সময়ত সমষ্টিটোৰ বিভিন্নজনে ৰাজহুৱা স্বার্থ জড়িত বহু স্মাৰক–পত্র প্রদান কৰে৷
বিহালী সমষ্টি ভ্রমণৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰাই, বিশ্বনাথ জিলা বিজেপিৰ সভাপতি পংকজ বৰা আদি উপস্থিত থাকে৷
ইফালে বিয়লিৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মা গহপুৰ সমষ্টিৰ ঘাঁহিগাঁৱত উপস্থিত হৈ প্রায় ১০ কোটি টকাৰে নির্মাণ সম্পূর্ণ কৰা শ্বহীদ মুকুন্দ কাকতি–কনকলতা বৰুৱা পথ মুকলি কৰি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উৎসর্গা কৰে৷ সেইদৰে ছিগনেচাৰ আঁচনিৰ অধীনত নির্মাণ কৰি থকা ঘাঁহিগাঁও মিনি ষ্টেডিয়ামৰ পেভেলিয়নসহ অন্যান্য কামৰ অগ্রগতিৰ বুজ লৈ সংশ্লিষ্ট বিভাগক অহা মার্চ মাহৰ ভিতৰত নির্মাণৰ কাম সম্পূর্ণ কৰাৰ নির্দেশ দিয়ে৷ ইয়াৰ পাছতে মুখ্যমন্ত্রীগৰাকীয়ে ঘাঁহিগাঁও চাৰিআলিত থকা শ্বহীদ মুকুন্দ কাকতিৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি অর্পণ কৰাৰ লগতে ঘাঁহিগাঁওস্থিত হেলেম চৰকাৰী সাহায্যপ্রাপ্ত ৰাজ্যিক চিকিৎসালয়খন পৰিদর্শন কৰে৷ ঘাঁহিগাঁৱত সমৱেত ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই অঞ্চলটোৰ ৰাইজৰ দীর্ঘদিনীয়া দাবীৰ প্রতি সঁহাৰি জনাই হেলেম চৰকাৰী সাহায্যপ্রাপ্ত ৰাজ্যিক চিকিৎসালয়খনক ৫০খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীত কৰাৰ আশ্বাস প্রদান কৰে৷
ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাই বৰঙাবাৰীত থকা শ্বহীদ কনকলতা বৰুৱাৰ প্রতিমূর্তিত শ্রদ্ধাঞ্জলি নিবেদন কৰি বৰঙাবাৰীস্থিত শ্বহীদগৰাকীৰ ভাতৃ তথা বিশিষ্ট শিক্ষাবিদ কালীচৰণ বৰুৱাৰ বাসগৃহত উপস্থিত হৈ শ্বহীদ পৰিয়ালটোৰ খা–খবৰ লয়৷ উক্ত স্থানতে শ্বহীদ মুকুন্দ কাকতি আৰু মুক্তিযোদ্ধা ৰামপতি ৰাজখোৱাৰ পৰিয়ালবর্গকো মুখ্যমন্ত্রীয়ে সাক্ষাৎ কৰে৷ উক্ত সাক্ষাৎকালত মুখ্যমন্ত্রী ড০ শর্মাই শ্বহীদ পৰিয়াল দুটাৰ লগতে মুক্তিযোদ্ধাৰ পৰিয়ালটোৰ অসুবিধাসমূহ দূৰ কৰাৰ আশ্বাস দিয়ে৷ ইয়াৰ পাছত সমষ্টিটোৰ দীপৰাস্থিত শ্রীশ্রীমা কল্যাণী দেৱালয়ত পূজা–র্চনা আগবঢ়াই মা কল্যাণীৰ আশীর্বাদ গ্রহণ কৰে৷ মা কল্যাণী দেৱালয়ক পর্যটনৰ আকর্ষণৰ কেন্দ্রবিন্দু হিচাপে গঢ়ি তোলাৰ বাবে এখন ৰাজহুৱা সভাত মুখ্যমন্ত্রী ড০ শর্মাই সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি মন্তব্য কৰে৷
উল্লেখ্য যে ইতিমধ্যে দেৱালয়খনৰ সৌন্দর্যবর্ধনৰ কাম প্রায় সমাপ্ত হোৱাৰ পথত৷ মুখ্যমন্ত্রী ড০ শর্মাই দেৱালয়খনৰ কাষতে থকা দীপৰা পুখুৰীৰ চাৰিওপাৰ পকীকৰণ কৰাৰ লগতে দেৱালয়খনৰ চৌদিশে থকা সকলো পথ পকীকৰণ কৰাৰ ব্যৱস্থা গ্রহণ কৰিবৰ বাবে স্থানীয় বিধায়ক উৎপল বৰাক নির্দেশ দিয়ে৷ নির্বাচনৰ পূর্বে দিয়া প্রতিশ্রুতি অনুসৰি বৰঙাবাৰীত পেৰা মেডিকেল প্রতিষ্ঠানৰ নির্মাণকার্য অব্যাহত থকাৰ কথা ভাষণত উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই নির্বাচনী প্রতিশ্রুতি অনুসৰি গহপুৰত শ্বহীদ কনকলতা বৰুৱাৰ নামত এখন বিশ্ববিদ্যালয় স্থাপনৰ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি ৰাইজক অৱগত কৰে৷ গহপুৰৰ বিধায়ক উৎপল বৰাই আদৰণী ভাষণ প্রদান কৰা আৰু বিশ্বনাথ জিলা বিজেপিৰ সাধাৰণ সম্পাদক নোমল বৰুৱাই আঁত ধৰা সভাখনত তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্রমোদ বৰঠাকুৰ, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰাই, বিজেপিৰ ৰাজ্যিক চাহ জনজাতি মর্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰ আদিও উপস্থিত থাকে৷
নিমাতীৰ ফেৰী দুর্ঘটনাত প্রাণ হেৰুওৱা ইন্দ্রেশ্বৰ বৰাৰ বাসগৃহত মুখ্যমন্ত্রী ড০ শর্মা
নিমাতীৰ শোকাৱহ ফেৰী দুর্ঘটনাত প্রাণ হেৰুওৱা লখিমপুৰৰ ৰামপুৰৰ ইন্দ্রেশ্বৰ বৰাৰ বাসগৃহত আজি সন্ধিয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত হয়৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রয়াত বৰাৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি অর্পণ কৰি শ্রদ্ধা জনাই পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে৷ সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে পৰিয়ালটোৰ এজন লোকক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব৷ নদী পৰিবহণৰ ক্ষেত্রত সুৰক্ষিত–নিৰাপদ ব্যৱস্থাত চৰকাৰে গুৰুত্ব দিয়াৰ বিষয়েও মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ আনহাতে ধেমাজিৰ পৰা লখিমপুৰৰ দুলুং বনাঞ্চলৰ বেদখলৰ প্রসংগত ব্যৱস্থা গ্রহণ সম্পর্কে মুখ্যমন্ত্রী ড০ শর্মাই কাইলৈৰ ভিতৰতে দুয়োখন জিলাৰ উপায়ুক্তৰ সৈতে আলোচনা কৰিব বুলি কয়৷ আনহাতে ৰাজ্যৰ সীমা সমস্যাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আলাপ–আলোচনাৰ জৰিয়তে এই সমস্যাটো সমাধান কৰিব পৰা যায়৷ অনানুষ্ঠানিকভাৱে ইতিমধ্যে অৰুণাচলৰ মুখ্যমন্ত্রীৰ সৈতে তেওঁ আলোচনা কৰিছে৷ এনে আলোচনা ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্রীৰ লগতো হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে বলপূর্বক কোনেও একো কৰিব নোৱাৰে৷ আলাপ–আলোচনাৰ মাধ্যমেৰে শান্তিপূর্ণভাৱেহে এই সমস্যা সমাধান হোৱাটো উচিত৷ দিছপুৰৰ পৰিৱর্তে আন জিলাত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দিছপুৰতে মন্ত্রীসকলক আবদ্ধ কৰি নাৰাখি জিলালৈ সম্প্রসাৰণ কৰা হৈছে৷ কেবিনেট অনুষ্ঠিত হোৱা জিলাখনলৈ যোৱাৰ পথত অথবা ঘূৰি অহাৰ সময়ত একোজন মন্ত্রী সেই জিলাসমূহৰ সমস্যাৰাজি, কাম–কাজ সম্পর্কে বুজ ল’ব পাৰিব৷ ইয়াৰ ফলত সমস্যা সমাধানৰ ক্ষেত্রত চৰকাৰৰ সহায় হ’ব৷ বান–খহনীয়া আদি সমস্যা সমাধানৰ হকে চৰকাৰে সর্বশক্তিৰে কাম কৰি যাব৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে লখিমপুৰ জিলাৰ ঘুণাসুঁতিৰ দলঙৰ কামো ২০২২ চনত আৰম্ভ হ’ব৷
মোনাবাৰী–বৰঙাবাৰী পথৰ (এম বি) নাম হ’ব কনকলতা বৰুৱা পথ
সাম্রাজ্যবাদী ব্রিটিছৰ যুগতে উত্তৰ অসমৰ ৰাষ্ট্রীয় ঘাইপথৰ স্বীকৃতি পোৱা মোনাবাৰী–বৰঙাবাৰী পথ চমুকৈ এম বি ৰোডৰ নতুন নাম হ’ব কনকলতা বৰুৱা পথ৷ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ বিকল্প পথ ৰূপে মোনাবাৰীৰ পৰা আৰম্ভ হোৱা আৰু বৰঙাবাৰী পর্যন্ত প্রায় ৩২ কিলোমিটাৰ দৈর্ঘ্যৰ পথটো পুনৰ নির্মাণৰ দাবী আজি স্থানীয় ৰাইজে উত্থাপন কৰি মুখ্যমন্ত্রীৰ হাতত এখন স্মাৰক–পত্র প্রদান কৰে৷ ৰাইজৰ দাবীৰ প্রতি সঁহাৰি জনাই মুখ্যমন্ত্রী ড০ শর্মাই পথটো নির্মাণৰ আশ্বাস প্রদান কৰে৷ উল্লেখ্য যে বিহালী আৰু গহপুৰৰ বিধায়ক ক্রমে ৰঞ্জিত দত্ত আৰু উৎপল বৰাই এই পথ সন্দর্ভত মুখ্যমন্ত্রীৰ দৃষ্টি আকর্ষণ কৰি আহিছে৷ গ্রাম্য অর্থনীতি সবল কৰিবলৈ মোনাবাৰীৰ পৰা বৰঙাবাৰীলৈ এই পথছোৱা নির্মাণ সম্পূর্ণ হ’লে পৰিৱেশেই সলনি হৈ পৰিব সমগ্র অঞ্চলটোৰ৷