নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশ অনুসৰি এইবাৰ লামডিং সংৰক্ষিত বনাঞ্চলত চৰকাৰে চলাব বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান৷ একেদৰে কার্বি আংলং জিলাতো বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ সাজু হৈছে চৰকাৰ–প্রশাসন৷ অহা অক্টোবৰ মাহত পূজাৰ আগে–পিছে এই উচ্ছেদ অভিযান চলিব৷
উল্লেখ্য যে লামডিং সংৰক্ষিত বনাঞ্চলত চলা বেদখল সম্পর্কত হোজাইৰ প্রাক্তন বিধায়ক তথা বিজেপি নেতা শিলাদিত্য দেৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন (নং ৩৭/২০২১) দাখিল কৰিছিল৷ উক্ত লেখ আবেদন সম্পর্কত পৰৱর্তী পর্যায়ত ৰাজ্য চৰকাৰে শপতনামাযোগে বনাঞ্চলখনৰ ১.১০ হেক্টৰ মাটিত বেদখল হোৱা বুলি উল্লেখ কৰে আৰু অহা অক্টোবৰৰ পৰা অহা বছৰৰ ফেব্রুৱাৰী মাহৰ ভিতৰত পর্যায়ক্রমে সংৰক্ষিত বনাঞ্চলখন বেদখলমুক্ত কৰিব বুলি প্রকাশ কৰে৷
ইয়াৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পর্যায়ত উচ্ছেদ অভিযান চলোৱাৰ একচন প্লেন যুগুতোৱাৰ বিষয়েও প্রকাশ কৰে৷ প্রথম পর্যায়ত অহা অক্টোবৰ–নৱেম্বৰ মাহত উচ্ছেদ অভিযান চলিব৷ ৫ দিনীয়া কার্যসূচীৰে প্রথম পর্যায়ত উচ্ছেদ চলিব৷ দ্বিতীয় পর্যায়ত চাৰিদিনীয়া কার্যসূচীৰে নৱেম্বৰ–ডিচেম্বৰ মাহত, তৃতীয় পর্যায়ত ৫ দিনীয়া কার্যসূচীৰে অহা বছৰৰ জানুৱাৰী–ফেব্রুৱাৰী মাহত উচ্ছেদ চলিব৷ আদালতে উক্ত গোচৰটো অহা নৱেম্বৰ মাহৰ প্রথম সপ্তাহত তালিকাভুক্ত কৰিব দিছে৷ সেই দিনাই আদালতক চৰকাৰে সেই উচ্ছেদ সম্পর্কত কি কার্যব্যৱস্থা গ্রহণ কৰিলে, সেই বিষয়ে জনাব লাগিব৷ এই সম্পর্কত আজি প্রাক্তন বিধায়ক শিলাদিত্য দেৱে সংবাদ মাধ্যমৰ আগত কয় যে লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিব লাগিলে কমেও দুহাজাৰখন ট্রেইন লাগিব৷ দেৱৰ মতে, বেদখলকাৰীসকলক উচ্ছেদ চলোৱাৰ পাছত তেওঁলোক ওচৰৰ জংঘলত সোমাব আৰু তাত বেদখল কৰিব৷
ইতিমধ্যে তেওঁলোকে যাৱতীয় কাগজ–পাতি যুগুতাই লৈছে৷ পূর্বৰ কংগ্রেছ চৰকাৰে তেওঁলোকক এইক্ষেত্রত সহায় কৰিছিল৷ সেয়ে বেদখলকাৰীসকল প্রকৃততে প্রথমতে যি ষ্টেচনৰ পৰা আহিছিল, ৰে’লগাড়ীৰে তেওঁলোকক সেই স্থানলৈ পঠিয়াব লাগিব৷ লামডিং সংৰক্ষিত বনাঞ্চলৰ প্রসংগত তেওঁ কয় যে বন বিভাগৰ তথ্য অনুসৰি বনাঞ্চলখনৰ ৩৪০ হেক্টৰ ভূমি বেদখল হৈছে৷ কিন্তু তেওঁ ন্যায়ালয়ত কৰা আবেদনত এহাজাৰৰো অধিক হেক্টৰ ভূমি বেদখলকাৰীৰ দখলত আছে বুলি উল্লেখ কৰিছে৷ তদুপৰি ড্র’নৰ জৰিয়তে কৰা জৰীপ অনুসৰি বনাঞ্চলখনৰ ১৬শৰো অধিক হেক্টৰ ভূমি বেদখল হৈছে আৰু সেই স্থানত ২০ হাজাৰ মানুহে বসবাস কৰি আছে৷ সেয়ে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২০০৮ চনৰ নির্দেশ অনুসৰি চৰকাৰী বনাঞ্চল, সত্রৰ মাটিত হোৱা বেদখল অতি সোনকালে উচ্ছেদ কৰিবৰ বাবে দাবী জনায়৷
ব্যক্তিগত লোকৰ মাটিও যাতে বেদখলকাৰীয়ে দখল কৰিব নোৱাৰে, তাৰ বাবে অসমবাসীক সচেতন হোৱাৰ আহ্বান জনাই দেৱে কয় যে কোনেও যেন সন্দেহযুক্ত লোকক তেওঁলোকৰ মাটিত খেতি কৰিব নিদিয়ে৷ কোনো অসমীয়াৰ যদি ১০০ বিঘা মাটি আছে, তাত কোনো সন্দেহযুক্ত লোকক খেতি কৰিবলৈ নিদিব৷ বছৰৰ পাছত বছৰ খেতি কৰাৰ পাছত বহু লোকে দয়া কৰি সেইসকলক কিছু মাটি এৰি দিয়ে৷ এইক্ষেত্রত অসমীয়া ৰাইজ অলপ নির্দয় হ’ব লাগিব৷ অসম বচাবলৈ হ’লে অলপ নির্দয় হ’ব লাগিব৷
ইফালে কার্বি আংলঙত চলা বেদখল উচ্ছেদৰ বাবেও তৎপৰ হৈ পৰিছে চৰকাৰ–প্রশাসন৷ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয় যে ইতিমধ্যে বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলোৱা সম্পর্কত জিলাখনৰ উপায়ুক্ত–আৰক্ষী অধীক্ষকৰ সৈতে দুবাৰ আলোচনা অনুষ্ঠিত হৈছে৷ ইতিমধ্যে বেদখলকাৰীক জাননীও জাৰি কৰা হৈছে৷ কার্বি আংলঙৰ সংৰক্ষিত বনাঞ্চলৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ, লোকনির্মাণ বিভাগকে ধৰি বহু চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে৷ অহা দুর্গাপূজাৰ আগে–পিছে জিলাখনত বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলিব৷ জিলাখনৰ বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে জিলাখনৰ পৰা সম্পূর্ণৰূপে বাংলাদেশী মুছলমান বেদখলকাৰীক উচ্ছেদ কৰা হ’ব বুলি প্রকাশ কৰে৷