নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ সামাজিক মাধ্যমযোগে অলপতে সমগ্র অসমত বোমাৰে ধ্বংসলীলা চলোৱাৰ হুংকাৰ দিছিল হঠাতে জন্মলাভ কৰা ইউ এল বি নামৰ উগ্রপন্থী সংগঠনটোৱে৷ কিন্তু শেহতীয়াকৈ কোকৰাঝাৰ কাণ্ডৰ পিছৰ পৰা একাদিক্রমে বিটিআৰৰ কেইবাঠাইত নৱগঠিত ইউ এল বি সদস্য–কেডাৰসকল অসম আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছিল৷ এনে পৰিৱেশৰ মাজতে বুধবাৰে ওদালগুৰি জিলাৰ ভাৰত–ভূটান সীমান্তৱর্তী বাদলাপাৰা চাহ বাগিচাৰ এক জংঘলৰ পৰা ওলাই আহি ডিমাকুছি থানাত আত্মসমর্পণ কৰে একাংশ কেডাৰে৷
প্রাপ্ত তথ্য মতে, ইউ এল বিৰ নেতা পিনজিৎ বসুমতাৰী আৰু শুক্রাম বডো ওৰফে বি চিজৌৰ নেতৃত্বত মুঠ ১২গৰাকী নেতা–কেডাৰে ওদালগুৰি জিলা উপ–আৰক্ষী বিষয়া বিদ্যুৎ দাস বডোৰ ওচৰত আত্মসমর্পণ কৰে৷ নেতা–কেডাৰে আত্মসমর্পণৰ সময়ত এটা মাথোঁ হেণ্ড গ্রেনেড আৰক্ষীৰ ওচৰত জমা দিয়ে৷ পিছত ডিমাকুছি থানাৰ পৰা পোনে পোনে বিশেষ আৰক্ষী ছাউনীলৈ লৈ যোৱা হয়৷ উপ–আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বডোৱে জনোৱা অনুসৰি অধিক সোধা–পোছাৰ বাবে গুৱাহাটীলৈ নিয়া হ’ব৷
বুধবাৰে আত্মসমর্পণ কৰা ইউ এল বি নেতা–কেডাৰসকলৰ নাম হৈছে– কোকৰাঝাৰ বাঁশবাৰীৰ মর্দান ব্রহ্ম (এলিয়াছ বি মঠৰ), বাক্সা–গোৰেশ্বৰৰ প্রেমজিৎ বডো (এলিয়াছ বি ফুৰলা), কোকৰাঝাৰ বাঁশবাৰীৰ ধৌৰোমছাদ ব্রহ্ম (এলিয়াছ বি ডাউখোলাং), ওদালগুৰি মণিপুৰীবস্তিৰ ৰিতু দৈমাৰী (এলিয়াছ ডি ৰিতু), কোকৰাঝাৰৰ সুদেম ব্রহ্ম (এলিয়াছ এছ চান্থৰী), কোকৰাঝাৰ বৰঝৰাৰ ফুংখা ব্রহ্ম (এলিয়াছ বি ফৌজাখাং), চিৰাঙৰ লাউগা ব্রহ্ম (এলিয়াছ বি লাংখাৰ), কোকৰাঝাৰৰ হিড়িম্বা বসুমতাৰী (এলিয়াছ বি শকত), ওদালগুৰিৰ উৎপল দৈমাৰী (এলিয়াছ বি মাইথুমাৰ), কোকৰাঝাৰৰ পিনজিৎ বসুমতাৰী (এলিয়াছ বি ফিনজাথায়), বাক্সাৰ শুক্রাম বডো (এলিয়াছ বি চিজৌ) আৰু বাক্সা গোৰেশ্বৰৰ কমলা বডো (এলিয়াছ বি খৌচেথি)৷