নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ৰ বিৰোধিতাৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমত বিজ্ঞাপন কেৰালা চৰকাৰৰ

বিধানসভাত প্রস্তাৱ গ্রহণৰ পাছত পদক্ষেপ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিবলৈ দিয়া নহ’ব বুলি বিধানসভাত প্রস্তাৱ গ্রহণ কৰাৰ পাছত শুকুৰবাৰে কেৰালা চৰকাৰে ‘কা’ নামানো বুলি ৰাষ্ট্রীয় সংবাদ–পত্রত বিজ্ঞাপন প্রচাৰ কৰিছে ৷ কেন্দ্রীয় আইনমন্ত্রী ৰবিশংকৰ প্রসাদে কেন্দ্রই বলৱৎ কৰা আইন নাকচ কৰাৰ ক্ষমতা ৰাজ্য চৰকাৰৰ নাই বুলি কোৱাৰ পাছতো মন্ত্রীগৰাকীয়ে সেই ঘোষণাক নস্যাৎ কৰি কেৰালা চৰকাৰে ৰাষ্ট্রীয় সংবাদ–পত্রত প্রচাৰ কৰিলে ‘কা’ নামানো বিজ্ঞাপন ৷ ‘দ্য ইণ্ডিয়ান এক্সপ্রেছ’, ‘দ্য হিন্দুস্তান টাইম্ছ’ আৰু ‘দ্য টাইম্ছ অৱ ইণ্ডিয়া’ৰ নতুন দিল্লীৰ সংস্কৰণত কেৰালা চৰকাৰে ‘উই আৰ ৱান, ফার্ষ্ট’ শীর্ষক ‘কা’বিৰোধী প্রচাৰ কৰি নিজৰ স্থিতি স্পষ্ট কৰি দিছে ৷

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে গৃহীত কৰা আইন এখনৰ বিৰুদ্ধে এনেদৰে বিজ্ঞাপন প্রচাৰ কৰা প্রথম ৰাজ্য কেৰালা ৷ মানৱ বিকাশ সূচাংকত এক নম্বৰ ৰাজ্যখনে সাংবিধানিক মূল্যবোধ সুৰক্ষাৰ ক্ষেত্রতো প্রথম হিচাপে ‘কা’ৰ বিৰোধিতা আৰু এন পি আৰ প্রক্রিয়া স্থগিত ৰখাৰ প্রতিবাদ কৰা হৈছে বুলি বিজ্ঞাপনটোত উল্লেখ কৰা হৈছে ৷ উল্লেখ্য যে বাঁওপন্থীশাসিত কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে ‘কা’বিৰোধী স্থিতি গ্রহণ কৰি দেশৰ ১১ ৰাজ্যৰ মুখ্যমন্ত্রীক পত্র লিখি এই আইন বলৱৎ কৰাত অনুমতি নিদিবলৈ আহ্বান জনাইছিল ৷

You might also like