দলং উদ্বোধন–অংগনৱাড়ী কেন্দ্র–বিদ্যালয় পৰিদর্শন
নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে ধেমাজিত অনুষ্ঠিত কেবিনেট বৈঠকৰ পূর্বে ধেমাজিৰ দিহিংগীয়া চুক অংগনৱাড়ী কেন্দ্র পৰিদর্শন কৰি অংগনৱাড়ী কেন্দ্রৰ শিশু আৰু অংগনৱাড়ী কর্মীসকলৰ সৈতে মত বিনিময় কৰি কেন্দ্রটোত থকা সা–সুবিধাৰ বুজ লয়৷ ইয়াৰ পাছতে মুখ্যমন্ত্রীয়ে বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিদর্শন কৰি শিক্ষক–শিক্ষয়িত্রীসহ সৈতে মত বিনিময় কৰাৰ উপৰি বিদ্যালয়খনত থকা সা–সুবিধাৰ বুজ লয়৷ মুখ্যমন্ত্রীয়ে বাটঘৰীয়া মজলীয়া বিদ্যালয়ো পৰিদর্শন কৰে৷ মুখ্যমন্ত্রীয়ে বাটঘৰীয়া আঞ্চলিক স্প’টছ ক্লাবত নতুনকৈ স্থাপন কৰা জিমনাচিয়াম এটাৰো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷
উল্লেখ্য যে এই জিমনাচিয়ামটোত ৰাজ্য চৰকাৰৰ ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ তৰফৰ পৰা ক্রীড়া সামগ্রী প্রদান কৰা হৈছে৷ তদুপৰি বিভা হিমাংশু মেম’ৰিয়েল ড্রাষ্টৰ পৰাও বিভিন্ন ধৰণৰ সহায়–সহযোগিতা আগবঢ়োৱা হৈছে৷ জিমনাচিয়ামটোৰ মুকলি অনুষ্ঠানত উপস্থিত ৰাইজক সম্বোধন কৰি প্রদান কৰা বক্তব্যত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আজি তেওঁ এই অঞ্চলৰ এটা অংগনৱাডী কেন্দ্র, দুখন বিদ্যালয় পৰিদর্শন কৰি ইয়াত থকা সা–সুবিধাৰ বুজ লৈছে৷ আটাইকেইখন অনুষ্ঠান ভাল ধৰণে পৰিচালনা হৈ আছে বুলি উল্লেখ কৰি বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আটাইকেইটা শ্রেণীকোঠা নতুনকৈ নির্মাণ কৰাৰ বাবে চৰকাৰে পদক্ষেপ ল’ব বুলি তেওঁ কয়৷
মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দিহিংগীয়া অংগনৱাড়ী কেন্দ্রটো সকলো সা–সুবিধাৰে নতুনকৈ নির্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ২৫ লাখ টকা প্রদান কৰিব৷ তদুপৰি বাটঘৰীয়া আঞ্চলিক স্প’ৰ্টছ ক্লাবলৈ ৰাজ্য চৰকাৰৰ ক্রীড়া সঞ্চালকালয়ৰ পৰা প্রতিবছৰে ৩ লাখ টকাকৈ আর্থিক অনুদান আগবঢ়োৱা হ’ব, যাতে ইয়াৰ ক্রীড়াৰ কাম–কাজখিনি সুচাৰুৰূপে পৰিচালিত হয়৷ বাটঘৰীয়া আঞ্চলিক ক্রীড়া সংঘৰ বাকী থকা ক্রীডা সামগ্রী ক্রয়ৰ বাবে অতিৰিক্তভাৱে ১০ লাখ টকা আগবঢ়োৱা হ’ব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে কয়৷
এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, বিত্তমন্ত্রী অজন্তা নেওগ, ক্রীডামন্ত্রী বিমল বৰা, সাংসদ প্রদান বৰুৱা, ৰাজ্যিক ছাত্র আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ইয়াৰ পাছতে মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রী গ্রাম চডক যোজনা ২০১৭–১৮ বর্ষৰ অধীনত বেঙেনাগডা–কঁঠালগুৰ পথৰ ফাটিহা বৰডুবি জানৰ ওপৰত নির্মাণ কৰা পকী দলং, মুখ্যমন্ত্রীৰ বিশেষ পেকেজ ২০১৩–১৪ বর্ষৰ অধীনত বটুৱাৰ পৰা ৰাংকোপ পথৰ বটুৱা নদীৰ ওপৰত নির্মিত ১৫০ মিটাৰ দৈর্ঘ্যৰ এখন দলং আৰু প্রধানমন্ত্রী গ্রাম চড়ক যোজনা ২০১৮–১৯ বর্ষৰ অধীনত দুসুঁতিমুখ–কাইটং সংযোগী দলংখনো উদ্বোধন কৰি ৰাইজৰ সেৱাৰ বাবে উৎসর্গিত কৰে৷