নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাঃ বিশ্ববিঃৰ ড০ দিলীপ বৰা, হেমন্ত নাথক জেৰা চিএম ভিজিলেঞ্চৰ

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ এ পি ডি চি এলৰ নিযুক্তি পৰীক্ষা কেলেংকাৰিৰ তদন্ত কৰি থকা মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই যোৱা কেইদিনত যথেষ্ট অগ্রগতি লাভ কৰিছে৷ ইতিমধ্যে ১১জনকৈ লোকক এই কেলেংকাৰি সন্দর্ভত গ্রেপ্তাৰ কৰাৰ পাছত কালি পৰীক্ষা নিয়ন্ত্রণ কমিটীৰ দুই সদস্য ক্রমে সঞ্জয় ভৌমিক আৰু ডেইজিম হাজৰিকাক জেৰা কৰাৰ পাছত বহু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ আনকি কালি জেৰাৰ সন্মুখীন হোৱা চি জি এম কৰবী ডেকা বৰায়ো তদন্তকাৰী দলটোক পৰীক্ষাৰ মূল্যায়ন তথা অন্যান্য দিশ সন্দর্ভত অনেক তথ্য প্রদান কৰিছে৷ কেলেংকাৰিটোৰ ক্ষেত্রত যথেষ্ট আগবঢ়া মুখ্যমন্ত্রীৰ তদাৰকী শাখাই বৃহস্পতিবাৰে জেৰা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হেমন্ত কুমাৰ নাথ আৰু অধ্যাপক ড০ দিলীপ কুমাৰ বৰাক৷ প্রায় চাৰি ঘণ্টাজুৰি চলোৱা এই জেৰাত অধ্যাপক দিলীপ কুমাৰ বৰাই পৰীক্ষাৰ উত্তৰবহীৰ মূল্যায়নত মুখ্য ভূমিকা লোৱাৰ কথা উল্লেখ কৰে৷ মূল্যায়নৰ বাবে নেইকমক এ পি ডি চি এলে লিখিত নির্দেশ দিয়াৰ কথাও দিলীপ বৰাই জানিবলৈ দিয়ে৷

জেৰাৰ অন্তত সাংবাদিকৰ আগত অধ্যাপক ড০ দিলীপ বৰাই প্রকাশ কৰা মতে, এ পি ডি চি এলৰ সৈতে হোৱা বুজাবুজি চুক্তিৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ে পৰীক্ষাৰ উত্তৰবহী নেইকমক মূল্যায়নৰ বাবে দিয়া উচিত হ’ব নে নহয়, তাক লৈ এ পি ডি চি এলক প্রশ্ন কৰিছিল যদিও এ পি ডি চি এলে নেইকমক এই উত্তৰবহী মূল্যায়ন কৰিবলৈ দিয়াত কোনো সমস্যাৰ সৃষ্টি নহয় বুলি লিখিতভাৱে জনাইছিল৷ মুখ্যতঃ এ পি ডি চি এলৰ নির্দেশ অনুসৰিয়ে গুৱাহাটী বিশ্ববিদ্যালয়তে নেইকমক মূল্যয়ানৰ দায়িত্ব দিছিল৷ মন কৰিবলগীয়া যে এ পি ডি চি এলৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত আছিল নেইকম৷ একেটা প্রতিষ্ঠানতে মূল্যায়নৰ দায়িত্ব অর্পণ কৰাৰ আঁৰত যে বৃহৎ কেলেংকাৰি সংঘটিত হৈছে, সেয়া স্পষ্ট হৈ পৰিছে৷

লক্ষণীয়ভাৱে কালি পৰীক্ষা সমিতিৰ দুই সদস্য সঞ্জয় ভৌমিক আৰু ডেইজিম হাজৰিকাক বৃহস্পতিবাৰে পুনৰ জেৰাৰ বাবে মাতি অনা হয়৷ দুয়োজনকে দীর্ঘসময় আজি পুনৰ জেৰা কৰা হয়৷ আনহাতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হেমন্ত কুমাৰ নাথৰ পৰা মুখ্যমন্ত্রীৰ তদাৰকী শাখাই এ পি ডি চি এলৰ সৈতে বুজাবুজি চুক্তিৰ বিভিন্ন দিশ আৰু পৰীক্ষাৰ বহী জমা ৰখা তথা ইয়াৰ লগত কোন কোন লোক কেনেধৰণে জড়িত হৈ আছে, তাৰ বিস্তৃত তথ্য সংগ্রহ কৰে৷

ইফালে এ পি ডি চি এল কেলেংকাৰিয়ে গুৱাহাটী বিশ্ববিদ্যালয় জোকাৰি যোৱা ঘটনাই বিশ্ববিদ্যালয়ৰ ভিতৰচ’ৰাত সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়া৷ বিশ্ববিদ্যালয়ৰ কেইবাজনো বিষয়া–কর্মচাৰী কেলেংকাৰিত অভিযুক্ত হৈ পৰাৰ পাছত উপাচার্য ড০ প্রতাপজ্যোতি সন্দিকৈয়ে কেলেংকাৰিৰ নিজাববীয়াকৈ তদন্ত কৰাৰ কথা ঘোষণা কৰে৷

এই সন্দর্ভত উপাচার্যগৰাকীয়ে প্রকাশ কৰা মতে, বিশ্ববিদ্যালয়ৰ যিকেইজন বিষয়া–কর্মচাৰী এই কেলেংকাৰিত জড়িত হৈ পৰাটো স্পষ্ট হৈছে, তেওঁলোকক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰাও কাৰণ দর্শোৱাৰ জাননী অথবা আন কৈফিয়ৎ জাননী প্রেৰণ কৰা হ’ব৷ অহা দুদিনৰ ভিতৰতে পৰীক্ষাৰ মূল্যায়নৰ লগত জড়িত প্রতিজন বিষয়া–কর্মচাৰীক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰা হ’ব বুলিও উপাচার্যগৰাকীয়ে জানিবলৈ দিয়ে৷

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শশাংক শইকীয়া, বেবিলন কাকতি আৰু ত্রিদিপ শর্মা নামৰ তিনিজন কর্মচাৰীক আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে৷

You might also like