নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত একেদিনাই মুকলি হ’ব ১৩খন কর্কট হাস্পতাল

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ ২০২২ চনৰ জুন মাহত সমগ্র ৰাজ্যখনত নির্মাণ কৰি থকা ১৩খন কেন্সাৰ হাস্পতাল একেদিনাই মুকলি কৰা হ’ব৷ এই ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ বৃহস্পতিবাৰে সন্ধিয়া লখিমপুৰ মেডিকেল কলেজ পৰিদর্শন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাংবাদিকৰ সন্মুখত এই কথা সদৰী কৰে৷

ধেমাজিত অনুষ্ঠিত কেবিনেটত অংশগ্রহণ কৰি আহি মুখ্যমন্ত্রীগৰাকীয়ে সন্ধিয়া লখিমপুৰ মেডিকেল কলেজ পৰিদর্শন কৰে৷ লখিমপুৰ মেডিকেল কলেজ পৰিদর্শন কৰি মুখ্যমন্ত্রীগৰাকীয়ে বিষয়া, চিকিৎসকসকলৰ সৈতে এখন বৈঠকত বেদখলকাৰীৰ সপক্ষে যুক্তি দিবলৈ গৈ বাঘবৰ সমষ্টিৰ কংগ্রেছী বিধায়ক শ্বেৰমান আলীয়ে ১৯৮৩ চনত ধলপুৰৰ বেদখলকাৰীৰ হাতত শ্বহীদ হোৱা দয়ানাথ শর্মাকে ধৰি ৮জন শ্বহীদক অপমান কৰা পৰিলক্ষিত হয়৷ এই বিতর্কিত মন্তব্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে ১৫ নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি দৰং আছুই শ্বেৰমান আলী হুঁচিযাৰ, শ্বেৰমান আলীক গ্রেপ্তাৰ কৰক, শ্বহীদক কৰা অপমান সহ্য কৰা নহ’ব আদি শ্লোগান দি প্রতিমূর্তি দাহ কৰে৷ কার্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্র সন্থাৰ কার্যনির্বাহক নিৰঞ্জন শইকীয়া, সদৌ দৰং জিলা ছাত্র সন্থাৰ পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা, সহঃ সম্পাদক ত্রিদিব ডেকা, কার্যালয় সম্পাদক গৌতম কলিতা, মহকুমা আছুৰ সম্পাদক ভাস্কৰজ্যোতি ডেকাৰ লগতে দৰং আছুৰ অর্ধশতাধিক বিষয়ববীয়া৷

আনহাতে, শ্বেৰমান আলীৰ এই আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে ভাৰতীয় জনতা যুৱ মর্চাৰ পাথৰিঘাট মণ্ডলে ছিপাঝাৰ পাথৰিঘাট আৰক্ষীচকীত, ছিপাঝাৰ মণ্ডল যুৱ মর্চাই ছিপাঝাৰ থানাত, গো–ৰক্ষা সমিতিয়ে মঙলদৈ থানাত এজাহাৰ দাখিল কৰিছে৷ একেদৰে সনাতন হিন্দু আর্মীৰ ৰাজ্যিক সমিতিয়ে মঙলদৈ সদৰ থানাত গোচৰ ৰুজু কৰিছে৷ বিধায়কগৰাকীৰ অপমানজনক ভাষ্যৰ বাবেই এনেদৰে জাঙুৰ খাই উঠিছে সংগঠনসমূহ৷

You might also like