নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰৰ ৰজাবাহৰত ৰূপালীম সাংস্কৃতিক সন্থাৰ গান্ধী জয়ন্তী উদযাপন

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম বাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিতাবৰ মহকুমাৰ ৰজাবাহৰত ৰূপালীম সাংস্কৃতিক সন্থাৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে গান্ধী জয়ন্তী। সেয়ে ৰূপালীম সাংস্কৃতিক প্ৰেক্ষাগৃহত পুৱা অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তি সকলৰ বাবে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয়। দুপৰীয়া মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজলন আৰু পুস্পাঞ্জলি অৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰে অৱসৰ প্ৰাপ্ত শিক্ষক সূৰ্য চেতিয়াই। ইয়াৰ পিছতে ৰূপালীম সাংস্কৃতিক সন্থাৰ সভাপতি তৰুণ গগৈৰ সভাপতিত্বত ৰাজহুৱা সভা আৰু স্থানীয় অৱসৰী ব্যক্তি সকলৰ এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। বৃহত্তৰ ৰজাবাহৰ অঞ্চলৰ বহুসংখ্যক সচেতন লোক উপস্থিত থকা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে বৰহোলাৰ সামূহিক চিকিৎসাৎসালয়ৰ উপ অধীক্ষক ডাঃ সৌৰভ কুমাৰ বৰা উপস্থিত থাকি সাৱলীল বক্তব্য আগবঢ়ায়।

ইফালে অন্তৰংগ আলাপ অনুষ্ঠানটোত স্থানীয় কেইবাজনো জ্যেষ্ঠ তথা অৱসৰপ্ৰাপ্ত ব্যক্তিয়ে মনৰ ভাৱ প্ৰকাশ কৰি উৎফুল্লিত হৈ পৰে। উল্লেখ্য যে গান্ধী জয়ন্তী দিনৰটোৰ লগত সংগতি ৰাখি এনেদৰে কেইবাটাও ব্যতিক্ৰমী কাৰ্যসূচী হাতত লোৱা ৰূপালীম সাংস্কৃতিক সন্থাৰ সম্পাদক দীপক ৰাজখোৱাই সংবাদ মাধ্যমৰ আগত কয় যে ৰূপালীম সাংস্কৃতিক সন্থাই বিভিন্ন সময়ত এনেদৰে ৰাজহুৱা পদক্ষেপ গ্ৰহণ কৰি আহিছে। আজি গান্ধী জয়ন্তী উপলক্ষে অৱসৰী ব্যক্তি সকলক বিশেষভাৱে সেৱা আগবঢ়াবলৈ পোৱাত ৰূপালীম সাংস্কৃতিক সন্থাৰ সকলো বিষয়ববীয়া আনন্দিত হৈ পৰিছে। এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সকলোলৈ সংবাদ মাধ্যমৰ যোগেদিয়েই কৃতজ্ঞতা জ্ঞাপন কৰিছে সম্পাদক দীপক ৰাজখোৱাই।

You might also like