নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেহত উত্তোলন কৰা হ’ল ১০০০ কিলোগ্ৰাম ওজনৰ বিশ্বৰ সৰ্ববৃহৎ খাদী ৰাষ্ট্ৰীয় পতাকা

নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ আজি লাডাখৰ লেহত উন্মোচন কৰা হয় বিশ্বৰ সৰ্ববৃহৎ খাদী ৰাষ্ট্ৰীয় পতাকাখন (World’s largest Khadi national flag)। লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ আৰ কে মাথুৰে লেহত বিশ্বৰ সৰ্ববৃহৎ খাদী ৰাষ্ট্ৰীয় পতাকা উদ্বোধন কৰে।

এই উপলক্ষে সেনা প্ৰধান জেনেৰেল এম এম নাৰৱানেও উপস্থিত আছিল।

উল্লেখ্য যে খাদীৰ এই ৰাষ্ট্ৰীয় পতাকাখন ২২৫ ফুট দীঘল আৰু ১৫০ ফুট বহল হোৱাৰ বিপৰীতে ইয়াৰ ওজন হৈছে ১,০০০ কিঃগ্ৰাঃ। আনহাতে এই ৰাষ্ট্ৰীয় পতাকাখন মুম্বাইস্থিত ৫৭ নং ইঞ্জিনিয়াৰ ৰেজিমেণ্টে প্ৰস্তুত কৰিছে।

You might also like