পানীৰ তলত থকা হোটেল
আটলাণ্টিছ দ্য পাম, ডুবাই
ডুবাইৰ আটলাণ্টিছ দ্য পাম হৈছে এক কৃত্রিম, মানৱ নির্মিত দ্বীপগাঁথনি৷ এই বিলাসী হোটেলখনৰ কোনো কোঠাই নিৰাশ নকৰে আপোনালোকক৷
কনৰাড ৰঙালী দ্বীপ
মালদ্বীপৰ কনৰাড মালদ্বীপ ৰঙালী দ্বীপত পানীৰ তলত শোৱনি কোঠা আছে৷ ইয়াত থকা ৰেষ্টুৰেণ্টখন পানীৰ পৃষ্ঠৰ পৰা ১৬ ফুট তলত অৱস্থিত৷
ৰিজ’ৰ্টছ ৱর্ল্ড চেণ্টোচা
ৰিজ’ৰ্টছ ৱর্ল্ড চেণ্টোচা ছিংগাপুৰৰ চেণ্টোচা দ্বীপত অৱস্থিত৷ ইয়াত পৃথিৱীৰ অন্যতম বৃহৎ একুৱাৰিয়াম আছে৷ ইয়ালৈ আহিলে অতিথিসকলে পানীৰ তলৰ অভিজ্ঞতাৰ বাবে একুৱাৰিয়ামৰ কাষত এটা দুমহলীয়া টাউন হাউছ বুক কৰিব পাৰে৷
দ্য মাণ্টা ৰিজ’ৰ্ট
জাঞ্জিবাৰৰ এই ৰিজ’ৰ্টখন তিনি স্তৰৰ পানীৰ তলৰ কোঠাৰ বাবে সর্বাধিক জনাজাত৷ যি সাগৰপৃষ্ঠৰ পৰা ১৩ ফুট তলত অৱস্থিত৷ এই ৰিজ’ৰ্টত গৈ আপোনালোকে পানীৰ তলৰ জীৱনৰ অনুভূতি লাভ কৰিব পাৰিব৷