নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ পৰাই ভ্ৰাম্যমান থিয়েটাৰৰ নাট প্ৰদৰ্শনী মুকলি; কিন্তু মানিব লাগিব এইসমুহ নীতি-নিয়ম…

নিয়মীয়া বাৰ্তা, ৮ অক্টোবৰঃ ভ্ৰাম্যমান থিয়েটাৰৰ বাবে SOP জাৰি। আজি দেৰগাঁৱত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰি জাৰি কৰিলে বহুকেইটা নীতি-নিৰ্দেশনা।

✅ অসমত আজিৰেপৰাই ক’ভিডৰ নীতি-নিৰ্দেশনা মানি ভ্ৰাম্যমান থিয়েটাৰৰ নাট প্ৰদৰ্শনী মুকলি।

✅ প্ৰতিগৰাকী শিল্পী, কলা-কুশলী আৰু আয়োজক সমিতিৰ প্ৰতিজন সদস্যই ল’ব লাগিব ক’ভিডৰ দুয়োপালি প্ৰতিষেধক ।

✅ প্ৰশাসনৰ ওচৰত প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব ।

✅ কণ্টেইনমেণ্ট জ’ন বা অধিক সংক্ৰমণ হোৱা ঠাইত ভ্ৰাম্যমান নাট প্ৰদৰ্শনীৰ অনুমতি দিয়া নহ’ব।

✅ প্ৰেক্ষাগৃহত সামাজিক দূৰত্ব বৰ্তাই ৰাখি আসনৰ ব্যৱস্থা কৰিব লাগিব।

✅ প্ৰৱেশ পথত হেণ্ড ছেনিটাইজাৰ মজুত ৰাখিব লাগিব।

✅ প্ৰতিজন দৰ্শকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। মাস্ক নিপিন্ধাকৈ অহা দৰ্শকৰ বাবে প্ৰেক্ষাগৃহৰ প্ৰৱেশ পথত মাস্ক মজুত ৰাখিব লাগিব।

✅ নাট্য প্ৰদৰ্শনী সান্ধ্য আইনৰ আগতে সমাপ্ত কৰিব লাগিব।

✅ যদি ক’ভিড সংক্ৰমণ ব্যাপক হয় বা ইয়াতকৈ পৰিস্থিতি ভাল হয় তেনেহ’লে নীতি-নিৰ্দেশনা সলনি কৰা হ’ব।

✅ ক’ভিড প্ৰতিষেধক গ্ৰহণ আৰু ক’ভিডৰ নিয়মাৱলী সন্দৰ্ভত দৰ্শকক আয়োজক সমিতিয়ে সজাগ কৰিব লাগিব ।

You might also like