ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজানত নকল সোনসহ ধৃত দুই
নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ বালাজান আৰক্ষীয়ে আজি দেবত্তৰ হাজদহৰ পৰা নকল সোণসহ দুজন ব্যাক্তিক কৰায়ত্ব কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, গোপন তথ্যৰ ভিত্তিত ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাজান আৰক্ষী চকীৰ এটি দলে বিয়লিৰ ফালে দেবত্তৰ হাজদহ অঞ্চলত এক অভিযান চলাইছিল।
উক্ত অভিযানত ৮০০ গ্ৰাম ন’কল সোণসহ দুজন ব্যক্তিক কৰায়ত্ব কৰে দলটোৱে। ধৃত দ্বয় গৌৰীপুৰ বিধানসভা সমষ্টিৰ ডাংগিৰচৰ আৰু বাঘমাৰা অঞ্চলৰ জনৈক ইমান আলী (৪৫)আৰু সোমেন আলী সেখ (৪৮) বুলি প্ৰকাশ। ইতিমধ্যে ধৃত দ্বয়ক বালাজান আৰক্ষীয়ে গোলকগঞ্জ আৰক্ষীক চমজাই দিছে। ইপিনে ধৃতদ্বয় দেবত্তৰ হাজদহ অঞ্চলৰ কোনো ব্যৱসায়ীক বিক্ৰী কৰিবলৈ আনিছিল বুলি সন্দেহ কৰা হৈছে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত থকা বুলি জানিব পৰা গৈছে।