নগাঁও আৰক্ষীৰ পদ সঞ্চালনঃ উৎসৱৰ সময়ত আইন শৃংখলা অটুট ৰখাৰ বাবে আহ্বান
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ শাৰদীয় দূৰ্গা পূজা লৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত আজি নগাঁও আৰক্ষীয়ে উৎসৱৰ সময়ত আইন শৃংখলা অটুট ৰখাৰ আহ্বান জনায় এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে।
সদা জাগ্ৰত, সদা সচেতন নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত অপৰাধীৰ বিৰুদ্ধে সদায়ে কঠোৰ নগাঁও আৰক্ষী৷ দূৰ্গা পূজাৰ সময়ছোৱাতো অধিক সক্ৰিয় আৰু কঠোৰ হোৱাৰ ইংগিত প্ৰদান কৰি নগাঁও আৰক্ষীয়ে আজি চহৰ খনৰ মুলপথত এক পদ সঞ্চালন কৰে৷
যিকোনো অপৰাধ ৰোধৰ ক্ষেত্ৰত সষ্টম নগাঁও আৰক্ষীয়ে আজি নগাঁৱত সকলো পক্ষৰ বাবে এই বাৰ্তা প্ৰেৰণ কৰা পৰিলক্ষিত হয়। প্ৰায় ডেৰ শতাধিক আৰক্ষী বিষয়া- জোৱানে নগাঁও চহৰৰ ১২ কিলোমিটাৰ পদব্ৰজে সঞ্চালন কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই দুৰ্গাপূজাৰ প্ৰাকক্ষণত অপৰাধী আৰু দুষ্ট চক্ৰলৈ সকিয়নী প্ৰদান কৰিলে এই পদযাত্ৰাৰ জৰিয়তে৷
সাংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে কয়- নগাঁও আৰক্ষীয়ে আগন্তুক দূৰ্গা পূজাৰ সময়ছোৱাত আইন শৃংখলা অটুট ৰখাৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। আইন শৃংখলা অটুট ৰখাৰ বাবে সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।
-নগাঁৱৰ পৰা কনক হাজৰিকা