প্রথমবাৰলৈ ছেনছেক্সে অতিক্রম কৰিলে ৬২০০০
নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ ক’ভিড–১৯ৰ সংক্রমণৰ হাৰ হ্রাস পোৱাৰ লগতে কর্প’ৰেট গোষ্ঠীৰ উপার্জন বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দেশৰ শ্বেয়াৰ বজাৰ সর্বকালৰ শিখৰত৷ বিগত ৮ দিন ধৰি শ্বেয়াৰ বজাৰ ঊর্ধ্বগামী হৈ থকাৰ পিছত আজি শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান হয়৷ বিএছই ছেনছেক্স প্রথমবাৰৰ বাবে ৬২ হাজাৰ অতিক্রম কৰি নতুন শিখৰত উপনীত হৈছে৷ এনেদৰে এনএছই নিফটিও ১৮৬০০ৰে নতুন অভিলেখ গঢ়ে৷
মঙলবাৰে পুৱা বজাৰ আৰম্ভ হোৱাৰ লগতে বিএছই ছেনছেক্স ঊর্ধ্বগামী হ’বলৈ ধৰে আৰু ৪২৮.৩১ পইণ্ট ঊর্ধ্বগামীৰে ৬২১৯৩.৯০ত বজাৰ সামৰণি পৰে৷ তেনেদৰে এনএছই নিফটি ৫০ৰ পৰা ১০৬.৫০ পইণ্ট ঊর্ধ্বগামী হৈ ১৫,৫৮৩.৩১ পইণ্টত বজাৰ সামৰণি পৰে৷ মন কৰিবলগীয়া যে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি পোৱাৰ পিছতো প্রতিটো খণ্ডত শ্বেয়াৰ বজাৰৰ উত্থান ঘটে৷ বিশেষকৈ যান–বাহন খণ্ডই এই উত্থানত বিশেষ ভূমিকা গ্রহণ কৰে৷
লক্ষণীয় যে বিএছই ছেনছেক্স ১০ মাহত ১০ হাজাৰ পইণ্ট যোগ হৈ ৬২ হাজাৰ অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ যোৱা ১৫ ফেব্রুৱাৰীৰ পৰা আজিলৈকে বিএছই ছেনছেক্স ১০ হাজাৰ পইণ্ট তথা ১৯ শতাংশ বৃদ্ধি পাইছে৷ ছেনছেক্সৰ উত্থানত বেংকিং খণ্ড, তথ্য–প্রযুক্তি, মূলধন সামগ্রী, ৰিয়েল্টী, শক্তিখণ্ডই ৩.৫–৯ শতাংশ বৃদ্ধিৰে অৰিহণা যোগায়৷ তেনেদৰে বিএছইৰ যান–বাহন খণ্ডত ১১.৫ শতাংশ, ধাতুত ১১ শতাংশই ছেনছেক্সৰ উত্থানত সর্বাধিক ভূমিকা গ্রহণ কৰে৷