গোৱালপাৰাত তীব্ৰ গতিত ডিটেনচন কেম্পৰ নিৰ্মাণ কাৰ্যঃ জানুৱাৰীত মুকলিৰ সম্ভাৱনা
একেলগে ৩০০০ বিদেশী বন্দী লোক থাকিব গোৱালপাৰাৰ ডিটেনচন কেম্পত
নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ গোৱালপাৰাৰ জিলাৰ মাটিয়াত তীব্ৰ গতিৰে চলি আছে ডিটেনচন কেম্পৰ নিৰ্মান কাৰ্য ৷ উক্ত নিৰ্মানকাৰ্যৰ বৰ্তমানলৈকে ৯০ শতাংশলৈ অগ্ৰগতি লাভ কৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে বিভিন্ন গোচৰত দোষী সাব্যস্থ হোৱা কয়দী সকলৰ লগতে ডি ভোটাৰ গোচৰত বিদেশী ঘোষিত হোৱা লোকসকলক একোখন কাৰাগাৰত ৰখাৰ ব্যাৱস্থা কৰা হৈছে৷ কিন্তু সাধাৰণ কয়দীৰ দৰে ডি ভোটাৰ গোচৰত বিদেশী ঘোষিতসকলক জিলা কাৰাগাৰত একেলগে ৰখাটো মানৱ অধিকাৰ উলংঘন বুলি অভিযোগ উত্থাপিত হৈ আহিছে ।
সেয়েহে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দাবীৰ বাবেই কেন্দ্ৰীয় চৰকাৰে বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা ঘোষিত বিদেশী সকলক ৰখাৰ বাবে ৰাজ্যখনত ছয় খনকৈ ডিটেনচন কেম্প নিৰ্মান সিদ্ধান্ত লোৱা বুলি জনা গৈছে। ইয়াৰে গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম মাটিয়া (দোমনীত) প্ৰায় ২৫ বিঘা চৰকাৰী মাটিত ৪৫ কোটি টকা ব্যয়েৰে নিৰ্মান কৰি আছে ডিটেনচন কেম্প। যোৱা ডিচেম্বৰ মাহৰ পৰা ডিটেনচন কেম্পৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। নৱ নির্মিত ডিটেনচন কেম্পটোত তিনি হাজাৰ বিদেশী ঘোষিত লোক থাকিব পাৰিব বুলি জানিব পৰা গৈছে। য’ত মহিলাসকলৰ বাবে থাকিব বিশেষ ব্যৱস্থা।
ডিটেনচন কেম্পৰ ১৫ টাকৈ বিল্ডিঙত তিনি হাজাৰ কয়দী থাকিব। ইয়াৰে এটাকৈ বিল্ডিঙত ২০০ জনকৈ কয়দী থাকিব। কয়দীসকলৰ বাবে খোৱা লোৱাৰ বাবে পৃথকে পৃথকে থাকিব ডাইনিং হল আৰু ৰন্ধা ঘৰ। কয়দীসকলক চাবলৈ অহা মানুহৰ বাবে থাকিব আপ্যায়নৰ সুব্যৱস্থা । সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে থাকিব সুকীয়া বিদ্যালয় আৰু চিকিৎসাৰ বাবে থাকিব চিকিৎসালয়। অহা ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পাছত জানুৱাৰী মাহত মুকলি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা বিভাগীয় বিষয়াই জানিবলৈ দিছে। বৰ্তমান ডিটেনচন কেম্পখনৰ প্ৰায় ৯০ কাম সম্পূৰ্ণ হৈ উঠিছে ।
Input- উদিত নাৰায়ণ কলিতা, গোৱালপাৰা