নিয়মীয়া বাৰ্তা ২১ অক্টোবৰঃ পশ্চিম কার্বি আংলং জিলাৰ বৈঠালাংছ’ থানাৰ অন্তর্গত আমড্রেঙত দেওবাৰে ডাৱৰ বিস্ফাৰণৰ ফলত হোৱা ধলপানীয়ে সমগ্র আমট্ৰেং অঞ্চল বিধ্বস্ত কৰি যোৱাৰ পাছত বুধবাৰে মুষলধাৰে হোৱা এজাক বৰষুণত পুনৰ জলপ্রলয় সৃষ্টি হয়৷ বুধবাৰে অর্থাৎ লক্ষ্মীপূজাৰ দিনটোতেই অহা এজাক প্রলয়ংকৰী পানীৰ ধলে পুনৰ আমট্ৰেং অঞ্চলত তীব্র আতংক সৃষ্টি কৰিছে৷ প্রাপ্ত বাতৰি অনুসৰি, বুধবাৰে পুৱা দহ বজাত আৰম্ভ হোৱা এজাক মুষলধাৰ বৰষুণত সমগ্র আমট্ৰেং অঞ্চলত বানপানীসদৃশ পৰিৱেশ সৃষ্টি হৈছে৷ অঞ্চলটোৰ বিভিন্ন গড়কাপ্টানী পথৰ ওপৰেদি প্রায় এক ফুট উচ্চতাৰে তীব্রবেগত পানী বাগৰি যোৱাৰ লগতে দুটাকৈ বাসগৃহৰ মাজেদি জলপ্রলয় সৃষ্টি কৰি পানী পাৰ হৈ যায়৷ উক্ত প্রলয়ংকৰি বানে দুটাকৈ বাসগৃহৰ আচবাব–পত্র আৰু অনান্য ঘৰুৱা সামগ্রীকে ধৰি অঞ্চলটোৰ কৃষি পথাৰ–তামোল বাগানৰ লগতে বিভিন্ন ধৰণৰ খেতি–বাতিৰ শস্য উটুৱাই লৈ যায়৷
উল্লেখ্য যে আমট্ৰেঙত এইদৰে সঘনাই হৈ থকা জলপ্রলয়ৰ পৰিস্থিতিক কেন্দ্র কৰি স্থানীয় ৰাইজৰ মাজত তীব্র শংকা সৃষ্টি হোৱাৰ প্রতি লক্ষ্য ৰাখি একাংশ লোকে আধ্যাত্মিক বিষয়ৰ লগত সংগতি ৰাখি পূজা–পাতল কৰাৰো ডপদেশ দিছে৷ ইফালে মঙলবাৰে বিধ্বস্ত আমট্ৰেং অঞ্চলৰ অভাৱনীয় পৰিস্থিতিৰ বুজ লয় বৈঠালাংছ’ সমষ্টিৰ বিধায়ক ৰূপছিং টেৰণ আৰু স্থানীয় দোৱাৰ আমলা পৰিষদীয় সমষ্টিৰ সদস্য প্রভাত চন্দ্র তাৰ’ৱে৷ দেওবাৰে পুৱতিনিশা হোৱা প্রলয়ংকৰী বানে আমট্ৰেং অঞ্চলৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ বিশেষভাৱে ক্ষতিগ্রস্ত হয়৷ ইয়াৰ সমান্তৰালকৈ আমট্ৰেং অঞ্চলৰ তিনিটাকৈ গুৰুত্বপূর্ণ গড়কাপ্টানী পথ বিধ্বস্ত হয়৷ বানত বিধ্বস্ত হোৱা পৰিয়ালকেইটাক জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগে বান সাহায্য প্রদান কৰাৰ লগতে তাৎক্ষণিকভাৱে বাসোপযোগী হোৱাকৈ তিৰপাল আৰু অন্যান্য সামগ্রীও বিতৰণ কৰে৷ স্থানীয় বিধায়ক ৰূপছিং টেৰণ আৰু পৰিষদীয় সদস্য প্রভাত চন্দ্র তাৰ’ৱে বানবিধ্বস্ত অঞ্চল পৰিদর্শন কৰি গড়কাপ্ঢানী বিভাগৰ কার্যবাহী অভিযন্তাৰ সৈতে আলোচনা কৰি তাৎক্ষণিকভাৱে বৈঠালাংছ’–আমড্রেং, আমট্ৰেং–হাতীচুবি আৰু আমড্রেং–বৰগাঁও পথ তিনিটাৰ প্রাৰম্ভিক ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায়৷
বানৰ ক্ষতিপূৰণ হিচাপে কেন্দ্রৰ পৰা বিচাৰিলে ১০৮৮.১৯ কোটি
বানৰ ক্ষয়–ক্ষতিৰ বুজ ল’বলৈ অসমত উপস্থিত হোৱা অন্তঃ মন্ত্রী পৰিষদীয় দলৰ যোগেদি কেন্দ্রৰ পৰা ৰাজ্য চৰকাৰে বিচাৰিলে ১,০৮৮.১৯ কোটি টকাৰ পুঁজি৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ যুটীয়া সচিব মনীষ তিৱাৰীৰ নেতৃত্বত উচ্চ পর্যায়ৰ দলটোৱে বঙাইগাঁও, চিৰাং আৰু লখিমপুৰ জিলাৰ বিভিন্ন বানবিধ্বস্ত অঞ্চল পৰিদর্শন কৰাৰ পাছত আজি গুৱাহাটীত ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াবর্গৰে এক বৈঠকত মিলিত হয়৷ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি মেৰামতি আদিৰ বাবে ৰাজ্য চৰকাৰে ১,০৮৮.১৯ কোটি টকা চলিত বর্ষৰ ৰাষ্ট্রীয় দুর্যোগ প্রশমন পুঁজিৰ অধীনত মোকলাই দিয়াৰ বাবে অনুৰোধ জনাইছে৷