নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সেনাৰে উত্তেজনাৰ সময়তে চীনৰ নতুন স্থল সীমান্ত আইন

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: সীমান্তত ভাৰতীয় সেনাৰ সৈতে চীনা সেনাৰ উত্তেজনা অব্যাহত থকাৰ সময়তে বেইজিং প্রশাসনে এক নতুন স্থল সীমান্ত আইন প্রণয়ন কৰিছে৷ এই আইনৰ ফলত চীনৰ পিপলছ লিবাৰেচন আর্মীয়ে (পি এল এ) সীমান্তৰ অসামৰিক লোকসকলৰ সৈতে সম্পর্ক ৰক্ষা কৰি বিভিন্ন কাম আগবঢ়াবলৈ সক্ষম হ’ব৷ উদাহৰণস্বৰূপে তিব্বতৰ ভাৰত–ভূটান আৰু নেপাল সীমান্তৱর্তী গঞাই প্রতিৰক্ষা ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ কালি এই নতুন আইন প্রণয়ন কৰি বিবদমান সীমান্ত অঞ্চলত সেনাক অধিক দায়িত্ব প্রদান কৰাৰ লগে লগে ভাৰত তথা আন প্রতিৱেশী ৰাষ্ট্রৰ বাবে নতুন সমস্যা সৃষ্টি হ’ব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷

চীনৰ সামৰিক প্রতিৰক্ষাক বিবদমান সীমান্ত অঞ্চলত অধিক শক্তিশালী ৰূপ দিয়াৰ উপৰি সামাজিক আৰু অর্থনৈতিক উন্নয়নমূলক কাম–কাজতো এই নতুন আইনে বিশেষ সুযোগ প্রদান কৰিব৷ অর্থাৎ বিবদমান অঞ্চলত পি এল এৰ আধিপত্য বৃদ্ধি কৰাৰ ক্ষেত্রত অসামৰিক লোকসকলে এই আইনৰ বাবেই জড়িত হৈ পৰিব৷

লক্ষণীয়ভাৱে আইন অনুসৰি দীর্ঘদিনীয়া সীমান্তৰ বিবাদ আলোচনাৰ মাজেৰে নিষ্পত্তি কৰাৰ ক্ষেত্রতো সেনাই লাভ কৰিব বিশেষ অধিকাৰ৷ দেশখনৰ চৰকাৰী সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি চীনৰ সংসদ নেচনেল পিপলছ কংগ্রেছে (এন পি চি) কালি এই আইনত অনুমোদন জনাইছে৷ আগন্তুক ২০২২ৰ ১ জানুৱাৰীৰ পৰা এই আইন কার্যকৰী হ’ব৷ সংবাদ সংস্থা ঝিনহুৱাৰ প্রতিবেদন অনুসৰি দেশৰ স্থল সীমান্ত অঞ্চল সুৰক্ষিত কৰাই হ’ব আইনৰ মূল উদ্দেশ্য৷ আইনত উল্লেখ কৰা হৈছে যে স্থল সীমান্তৰ অভ্যন্তৰত আঞ্চলিক ঐক্য তথা সার্বভৌমত্ব ৰক্ষাৰ ক্ষেত্রত সীমান্তৱর্তী গাঁওসমূহৰ বাসিন্দাসকলক সমুখশাৰীৰ যোদ্ধা হিচাপে বৱহাৰ কৰিব পাৰিব৷ অর্থাৎ ভাৰতকে ধৰি কেইবাখনো প্রতিৱেশী দেশৰ বাবে চীনৰ এই স্থল সীমান্ত আইন হৈ পৰিব পাৰে আশংকাৰ কাৰণ৷

বিশেষকৈ যিকোনো বিবাদৰ মুহূর্তত সীমান্তত চীনে পূর্বে গ্রহণ কৰা নীতি এই আইন প্রয়োগৰ ফলত সলনি হৈ পৰিব৷ অর্থাৎ পূর্বৰ স্থিতি সলনি কৰিব দেশখনৰ সেনাই৷ লগে লগে সীমান্ত অঞ্চলত প্রতিৱেশী দেশত সামৰিক বাহিনীৰ সৈতে বিবাদ তুংগত উঠাৰ আশংকা আহি পৰিব৷ গতিকে এই নতুন স্থল সীমান্ত আইনৰ জৰিয়তে বেইজিং প্রশাসনে সার্বভৌমত্ব আৰু আঞ্চলিক সংহতি সুৰক্ষিত কৰাৰ সংকল্প গ্রহণ কৰিছে যদিও আন দেশৰ বাবে এই আইন হৈ পৰিব পাৰে বিভিন্ন ক্ষেত্রত প্রতিবন্ধক৷

You might also like