নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণ অভিযান

এমাহৰ ভিতৰত মুঠ ২০,৬০৭ জন লোকক টিকাকৰণৰ লক্ষ্য জোনাই মহকুমা স্বাস্থ্য বিভাগৰ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: জোনাই মহকুমাত আজিৰে পৰা প্ৰাপ্ত বয়স্ক জাপানীজ এনকেফেলাইটিছ টিকাকৰণ অভিযানৰ আৰম্ভ হৈছে ৷ ১৫ ৰ পৰা ৬৫ বছৰ বয়সৰ লোকক সামৰি আৰম্ভ কৰা হৈছে এই টিকাকৰণ অভিযান৷ আজিৰ দিনটোত জোনাই মহকুমাৰ অন্তৰ্গত চমকং হাইস্কুল, লাইমেকুৰী হাইচেকেণ্ডাৰী স্কুল, তেলেম ট্ৰাইবেল হাইস্কুল, গালী হাইস্কুল আৰু জোনাই বালিকা মহাবিদ্যালয়ত আজি জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণ শিবিৰ মুকলি কৰে জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামানে৷

আজি দিনটোত পাচটা শিবিৰত ১০০৩ গৰাকীক জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণ সম্পন্ন কৰে স্বাস্থ্য বিভাগে৷ মহকুমা স্বাস্থ্য বিভাগে প্ৰৰ্থম পৰ্যায়ত স্কুল কলেজত জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণ অভিযানৰ আৰম্ভ কৰিছে ইয়াৰ পিছতে দ্বিতীয় পৰ্যায়ত গাঁৱৰ কমিউনিটি পৰ্যায়ত আৰম্ভ কৰিব ৷

জোনাই মহকুমাটোত জাপানীজ এনকেফেলাইটিছৰ ভেকচিন গ্ৰহণ নকৰা বৰ্তমান স্কুল কলেজ পৰ্যায়ত ১৪,১০৭ জন আৰু কমিউনিটি পৰ্যায়ত মুঠ ৬৫০০ জন আছে৷ মহকুমাটোত মুঠ ২০,৬০৭ জন লোক জাপানীজ এনকেফেলাইটিছৰ ভেকচিন গ্ৰহণ নকৰা লোক আছে৷ গতিকে মহকুমাটোত মুঠ ২০,৬০৭ জন লোকক এমাহৰ ভিতৰত জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে মহকুমা স্বাস্থ্য বিভাগে। ৪১ গৰাকী নাৰ্চ, এমপী ডব্লিউ ২৮ জন আৰু আশাকৰ্মী আৰু চুপাৰভাইজাৰ ২০০ জনক লৈ এমাহৰ ভিতৰত প্ৰাপ্ত বয়স্ক জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণৰ লক্ষ্যস্থিৰ কৰি লোৱা কথা জানিব দিয়ে জোনাই মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে ৷

Input: কৰবী দলে

You might also like