চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠীলৈ ৰূপান্তৰ নকৰিবলৈ আটছালৈ আহ্বান চাওতাল ছাত্ৰ সন্থাৰ
নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ: অসমৰ ভূমিপুত্ৰ চাওতাল জনগোষ্ঠীক আটছাই চাহ জনগোষ্ঠী বুলি অভিহত কৰাতো অতি দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে জনগোষ্ঠীটোৰ যুৱ নেতা তথা সদৌ চাওতাল ছাত্ৰ সন্থাৰ মূখ্য সাংগঠনিক সম্পাদক দুৰ্গা চৰেনে । জনগোষ্ঠীটোৰ সুকীয়া পৰিচয় থকা সত্ত্বেও অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ দৰে সংগঠনে এটা জনগোষ্ঠীক নিজৰ ইচ্ছা মতে আৰু ব্যক্তিগত লাভালাভৰ বাবে চাওতাল জনগোষ্ঠীটোক বাৰে বাৰে অপমান কৰাৰ অপচেষ্টা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে । ‘আমি চাহ জনগোষ্ঠী নাছিলো আৰু নহওঁ’ বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ চাওতাল ছাত্ৰ সন্থাৰ মুখ্য সাংগাঠনিক সম্পাদক চৰেনে।
চাওতাল জনগোষ্ঠীৰ ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচিত অন্তৰ্ভুক্ত তথা বিহাৰ, বেংগল, উৰিষ্যা, ঝাৰখণ্ডত শিক্ষা বিভাগত মাধ্যম হিচাপে চলি আছে আৰু অসমতো ছেবাৰ অধিনস্থ শিক্ষানুষ্ঠানত চাওতালী ভাষাটো ঐচ্ছিক বিষয় হিচাপে চলি আছে। তেনে সময়ত জনগোষ্ঠীটোক চাহ জনগোষ্ঠী বুলি অভিহিত কৰাটো দুৰ্ভাগ্যজনক আখ্যা দিছে দুৰ্গা চৰেনে। অনাগত দিনত আটছাই জনগোষ্ঠীটোক এনেদৰে পুনৰবাৰ অপমান কৰিলে সহ্য কৰা নহব বুলি তেওঁ সকীয়াই দিয়ে। কিবা কাৰনতো যদি আটছাই এনে ভুলৰ পুনৰাবৃত্তি কৰে তেন্তে চাওতাল ছাত্ৰ সন্থাই আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি ছাত্ৰ নেতা চৰেনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।।