দৰঙৰ আৰক্ষী অধীক্ষক সুশান্তবিশ্ব শৰ্মাৰ প্ৰশংসনীয় তৎপৰতাঃ শৱদাহকাৰীক মাৰপিট কৰা মোক্তাৰ জেললৈ
নিয়মীয়া বাৰ্তা ২৫ অক্টোবৰঃ দৰঙৰ দীঘিৰপাৰ বৰঙাবাৰী শ্মশানত শৱদেহ সৎকাৰ কৰিবলৈ কালি লৈ যোৱা অৱস্হাত মাৰপিটকাৰী মোক্তাৰ আলিক আজি মঙলদৈ থানাই কৰায়ত্ব কৰিছে। নিশা শৱদাহ কৰাৰ পাছতে মঙলদৈ থানাৰ উপ-পৰিদৰ্শক নীৰজ চৌধুৰীৰ হাতত স্হানীয় ৰাইজে এজাহাৰ প্ৰদানৰ পাছতে আৰক্ষীয়ে মূল অভিযুক্তক কৰায়ত্ব কৰে। লক্ষনীয় যে, কুহিৰাম হাজৰিকা নামৰ বৰঙাবাৰী গাঁৱৰ এজন লোকে অকালতে প্ৰাণ হেৰুউওৱাৰ পাছত স্হানীয় ৰাইজে বৰঙাবাৰী ৰাজহুৱা শ্মশানত শৱদেহ সৎকাৰ কৰিবলৈ লৈ গৈছিল। কিন্তু, মোক্তাৰে মাতৃ সহ এটা দল লৈ গৈ বাধা প্ৰদান কৰিছিল। বাধা প্ৰদানেই নহয়, মোক্তাৰে শৱদাহ কৰিব যোৱা লোকক প্ৰচণ্ড ঘোচা মৰাৰ ভিডিঅ ভাইৰেল হৈ পৰিছিল। এনেহেন বাহুবলী মোক্তাৰক আজি মঙলদৈ থানাই কৰায়ত্ব কৰাৰ পাছত ফেকুৰি উঠাই নহয়, বিষয়টো ভুল হৈছিল, মাফ কৰি দিয়ক বুলি আৰক্ষীক কৰযোৰে প্ৰাৰ্থনা কৰে। কিন্তু, আইন হাতত তুলি লোৱা মোক্তাৰ জেল হাজোতলৈ প্ৰেৰণ হৈ পৰে নিশ্চিত। ইপিনে, বৃহত্তৰ দীঘিৰপাৰ, বৰঙাবাৰী অঞ্চলৰ ৰাইজে শ্মশান খন বেদখল মুক্ত কৰি যিকোনো প্ৰকাৰে চৌহদৰ বেৰ আৰু শৱদাহ ঘৰ নিৰ্মানৰ বাবে আজি গোহাৰি জনাইছে। সাংসদ দিলীপ শইকীয়াৰ সাংসদ উন্নয়ণ পুজিৰ পৰা ২৫ লাখ টকাৰে সকলো খিনি সমাধা কৰাৰো দাবী কৰিছে ৰাইজে। কিন্তু, কোনে কি পুজি আগবঢ়ায় সেয়াহে হব লক্ষনীয় বিষয়।