নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত হেৰ’ইন সহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ : দুলীয়াজান আৰক্ষীয়ে আজি ড্ৰাগছ বিৰোধী অভিযান চলাই হেৰ’ইনসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । দুলীয়াজান আৰক্ষীৰ উপ পৰিদৰ্শক আভাজ্যোতি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই দুলীয়াজান ৰেলৱে ষ্টেচনৰ পৰা দীনেশ শৰ্মাৰ পুত্ৰ বিতোপন শৰ্মা (২১), ১ নং বৰডুবিৰ গজাল বস্তিৰ নাগেশ্বৰ গড়ৰ পুত্ৰ বিজু গড় (২৬) আৰু ২ নং চলাকটকীৰ কন্ঠী বৰুৱাৰ পুত্ৰ পুবেৰুন বৰুৱা (২৭)ক গ্ৰেপ্তাৰ কৰে ।

ধৃত অভিযুক্তৰ পৰা মুঠ ৮.৭৩ গ্ৰাম হেৰ’ইনসহ ৯ টা চাদা টেমা, ২ টা চাবোনৰ কেচ আৰু এটা খালী কন্টেইনাৰ জব্দ কৰিছে আৰক্ষীয়ে । জব্দকৃত হেৰ’ইনখিনি প্ৰায় লক্ষাধিক বজাৰ মূল্যৰ বুলি নামৰূপস্হিত উপ আৰক্ষী অধীক্ষক নব কুমাৰ বৰাই উল্লেখ কৰিছে। ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে ৫২৫ /২১ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ২১ (এ) , ২১ (বি) আৰু ২৭ এন ডি পি এচ এক্টৰ অধীনত গোচৰ ৰুজু কৰি সম্প্ৰতি ধৃত তিনি অভিযুক্তক জেৰা অব্যাহত ৰাখিছে ।

You might also like