নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ বাগানপাৰত যুৱতীক ধৰ্ষণ কৰি হত্যাঃ ধাননি পথাৰত উলংগ অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰঃ এগৰাকী ২২ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বাক্সা জিলাৰ বাগানপাৰাত। কালি নিশা সংঘটিত হৈছে এই জঘন্য আৰু নৃশংস হত্যাকাণ্ডটো । জানিব পৰা মতে বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত বাগানপাৰাৰ উত্তৰপাৰাত কালি নিশা ভাত খাই যুৱতীগৰাকীৰ পৰিয়ালটো শুই আছিল। কিন্তু আজি পুৱা যুৱতীগৰাকীৰ মাতৃয়ে যুৱতীগৰাকীক ঘৰত নেদেখি ওচৰে – পাজৰে বিচাৰ – খোচৰ আৰম্ভ কৰাত পৰিয়ালটোৰ ওচৰতে থকা ধাননি পথাৰত উলংগ অৱস্থাত নিজ কন্যাৰ মৃতদেহটো প্ৰত্যক্ষ কৰে মাতৃয়ে।

ঘটনা সন্দৰ্ভত লগে লগে বৰবৰী আৰক্ষী থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈ দুৰ্বৃত্তৰ কোনো সন্ধান উলিয়াব পৰা নাই ৷ সম্পূৰ্ণ নগ্ন অৱস্থাত ধাননি পথাৰত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি যুৱতীগৰাকী দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ ব্যক্ত কৰিছে। পৰিয়ালে অভিযোগ কৰা মতে নিশাই যুৱতীগৰাকীক দুৰ্বৃত্তই শোৱাপাটীৰ পৰা তুলি আনি দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰিছে । ইফালে এই জঘন্য ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক কৰায়ত্ত কৰি উচিত প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাই ।

Input: চানক্য বৈশ্য , বাগানপাৰা

You might also like