পানী যোগান আঁচনিৰ ধন আত্মসাৎ: কামৰূপৰ গোপালথান হাইস্কুলৰ প্ৰধান শিক্ষক বীৰেন্দ্ৰ নাথ ভেকাক গ্ৰেপ্তাৰ
অভিযুক্ত প্ৰধান শিক্ষকক তাৎকালিনভাবে নিলম্বন
নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ বিদ্যালয়ত খোৱা পানী যোগান প্ৰকল্প নিৰ্মাণৰ নামত আৱণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হল কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত গোপালথান আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক বীৰেন্দ্ৰ নাথ ডেকা । এই দুৰ্নীতিৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ দুৰ্নীতি নিবাৰণ আইনৰ অধীনত বাইহাটা চাৰিআলি থানাত ৰুজু কৰা ৫৪৪/২০২১ নম্বৰ গোচৰত বীৰেন্দ্ৰ নাথ ডেকাক কালি গুৱাহাটীৰ পাণবজাৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
আৰক্ষী সূত্ৰে জানিব পৰা মতে ধৃত প্ৰধান শিক্ষককজনক ৰঙিয়া সদৰ থানাত উক্ত গোচৰ সংক্ৰান্তত আৰক্ষীয়ে জেৰা চলাই আছে । প্ৰাপ্ত অভিযোগ মতে গোপালথান আঞ্চলিক হাইস্কুলত খোৱা পানী যোগান প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে সমগ্র শিক্ষা অভিযান আঁচনিৰ অধীনত ২০২০-‘২১বিত্তীয় বৰ্ষত ৫,৭০ লাখ টকা আবণ্টন দিয়া হৈছিল । কিন্ত বিদ্যালয়ত খোৱা পানীৰ প্ৰকল্প নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাকৈ প্ৰধান শিক্ষক বীৰেন্দ্ৰ নাথ ডেকাই বিদ্যালয় পৰিঢালনা সমিতিৰ সভাপতি অশ্বিনী বৈশ্যৰ চহী জাল কৰি বেংকৰ পৰা আঁচনিৰ ধন উলিয়াই আনি আত্মসাৎ কৰে ।
পৰৱৰ্তী সময়ত এই কথ জানিব পাৰি গোপালথান আঞ্চলিক হাইস্কুল পৰিচালনা সমিতিয়ে এই সন্দৰ্ভত স্থানীয় বিধায়ক, আৰক্ষী অধীক্ষক আৰু শিক্ষা বিভাগক অভিযোগ দাখিল কৰাৰ লগতে ৰঙিয়াৰ মহকুমাধিপতিৰ জৰিয়তে জিলা উপায়ুক্তলৈও বীৰেন্দ্ৰ নাথ ডেকাই সংঘটিত কৰা দুৰ্নীতি সন্দৰ্ভত অভিযোগ পত্ৰ প্ৰেৰণ কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনায়।
ইয়াৰ পাছতে বিভাগীয়ভাবে তদন্ত কৰাত ভাৰতীয় ষ্টেট বেংকৰ বাইহাটা চাৰিআলিস্হিত শাখা কাৰ্যালয়ৰ পৰা বীৰেন্দ্ৰ নাথ ডেকাই ২০২০বৰ্ষৰ জুলাই মাহত খোৱা পানী যোগান প্ৰকল্প নিৰ্মাণৰ বাবদ শিক্ষা বিভাগে মোকলাই দিয়া মুঠ ৫,৭০ লাখ টকাৰ ৩,৬০লাখ টকা জালিয়াতিৰে উলিয়াই নিয়াৰ তথ্য লাভ কৰে। বিশেষকৈ উক্ত বেংকৰ শাখা প্ৰৱন্ধক,সেৱা প্ৰবন্ধক আৰু কেচিয়াৰে বেংকৰ ৰেকৰ্ডত থকা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অশ্বিনী বৈশ্যৰ চহীৰ সৈতে প্ৰধান শিক্ষক বীৰেন্দ্ৰ নাথ ডেকাই ধন উলিয়াবৰ বাবে দিয়া চেকত কৰা সভাপতিৰ চহীৰ মিল নথকা বিষয়টো ধৰা পেলায় । সভাপতিৰ চহী জাল কৰি বীৰেন্দ্ৰ নাথ ভেকাই ৩,৬০ লাখ টকা আত্মসাৎ কৰা বিষয়টো পোহৰলৈ অহাত বিভাগীয়ভাবে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ পদক্ষেপ লয়। এই মৰ্মে দুৰ্নীতিৰ গোচৰত আৰক্ষীয়ে কালি বীৰেন্দ্ৰ নাথ ডেকাক গ্ৰেপ্তাৰ কৰে ।
ইপিনে চৰকাৰী পূঁজি জালিয়াতিৰে আত্মসাৎ কৰা অভিযোগ সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছতে মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক মমতা হোজায়ে এক নিৰ্দেশযোগে বীৰেন্দ্ৰ নাথ ডেকাক চাকৰিৰ পৰা নিলম্বন কৰে । উল্লেখ্য যে বীৰেন্দ্ৰ নাথ ভেকাই মধ্যাহ্ন ভোজনৰ নামত লাভ কৰা ধন আত্মসাৎ কৰাৰ বাবেই ইয়াৰ হিচাপ পৰিচালনা সমিতিক দিয়া নাই বুলিও অভিযোগ উঠিছে ।
Input: ৰাজীৱ শইকীয়া, গোৰেশ্বৰ