নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী চেম্বাৰ অৱ কমাৰ্চ, ফেৰী মালিক সন্থাৰে উপায়ুক্তৰ বৈঠক

মাল পৰিবাহী নাৱত সামগ্ৰীৰ বাহিৰে কঢ়িয়াব নোৱাৰিব যাত্রী

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ অসম চৰকাৰৰ পৰিবহন বিভাগে ২৯ অক্টোবৰত প্ৰকাশ কৰা নতুন নিৰ্দেশনা অনুসৰি মাজুলী জিলাত একক ইঞ্জিনচালিত বেচৰকাৰি মালবাহী ফেৰী সমূহৰ যাতায়াত ব্যবস্থা পুনৰ আৰম্ভ কৰাৰ সম্পৰ্কত মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্তৰ সভাপতিত্বত আজি এখন সভা অনুষ্ঠিত হয়। উপায়ুক্ত গৰাকীয়ে চৰকাৰৰ নিৰ্দেশনা অনুসৰি মাল পৰিবাহী নাওঁৰ গৰাকীসকলক নাওসমূহত সামগ্ৰীৰ বাহিৰে অন্য যাত্ৰী কঢ়িয়াব নোৱাৰিব আৰু এই সম্পৰ্কে এখন শপতনামা জিলা প্ৰশাসনক দিব লাগিব বুলি উল্লেখ কৰে। উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত সভাত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যকৰী অভিযন্তা তথা অনান্য বিষয়ববীয়াসকল, মাজুলী চেম্বাৰ অৱ কমাৰ্চ, তথা ফেৰী মালিক সন্থাৰ সদস্য সকলৰ উপস্থিতিত আজিৰ সভাখন অনুষ্ঠিত হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১৪ ছেপ্তেম্বৰ তাৰিখে প্ৰকাশ পোৱা নিৰ্দেশনাত ৰিভাৰ্ছ গীয়েৰ থকা মেৰিন ইঞ্জিনযুক্ত নাওৰ বাহিৰে একক ইঞ্জিনচালিত বেচৰকাৰী নাওসমূহৰ যাতায়াত বন্ধ কৰি থোৱা হৈছিল। কিন্তু ইয়াৰ ফলত মাজুলী তথা চৰ আঞ্চল সমূহলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত যথেষ্ঠ ব্যাঘাত জন্মে। ইয়াৰ উপৰিও ৰেছন সামগ্ৰীৰ যোগানতো যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছিল সাধাৰণ ৰাইজ | সেয়ে আজিৰ সভাত উপায়ুক্ত গৰাকীয়ে চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনা ঘোষণা কৰাৰ পাছত, ফেৰী মালিক সন্থা আৰু মাজুলী চেম্বাৰ অৱ কমাৰ্চৰ সদস্য সকলে জিলা প্ৰশাসন তথা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ফেৰী সন্থাৰ সদস্য সকলক চৰকাৰে নতুন নিৰ্দেশনাত বান্ধি দিয়া নীতি নিয়ম সম্পূৰ্ণৰূপে পালন কৰি যাবলৈ আহ্বান জনায়। সুৰক্ষাৰ বাবে ফেৰীত লাইফ জেকেট, ফাৰ্ষ্ট এইড বক্স, অগ্নি নিৰ্বাপক আদি সকলো ব্যৱস্থা যাতে উপলব্ধ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে। আৰক্ষী অধীক্ষক গৌতম বৰাই মালবাহী ফেৰী সমূহত কোনো যাত্ৰী যাতে যাতায়াত নকৰে সেই দিশত সতৰ্ক হবলৈ আহ্বান জনায় | সভাত অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা আৰু কাৰ্তিক কলিতা উপস্থিত থাকে।

Input: ৰূপজ্যোতি বৰা, নতুন বজাৰ

You might also like