নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত গ্ৰন্থ উন্মোচনী সভা

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত শনিবাৰে উন্মোচন কৰা হয় ’অভিমত’ নামৰ গ্ৰন্থখনৰ ৷ এই উপলক্ষে কালি প্ৰেছ ক্লাবত এখন উন্মোচনী সভাও অনুষ্ঠিত হয় ৷ গ্ৰন্থখন উন্মোচন কৰে বঙাইগাঁৱৰ বিশিষ্ঠ শল্য চিকিৎসক ডা° গোবিন্দ দাসে ৷ জ্যেষ্ঠ সাংবাদিক তেজেশ ত্ৰিপাঠীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই উন্মোচনী সভাত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি ৰঞ্জিত কুমাৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক কুঞ্জমোহন ৰায়, ডা° ধৰ্মেশ্বৰ হাজৰিকা , গ্ৰন্থখনৰ লিখক ভূপেন্দ্ৰ চন্দ্ৰ দাস , বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষা তথা গ্ৰন্থখন প্ৰকাশ কৰি উলিওয়া ৰত্নপীঠ প্ৰকাশনৰ স্বত্বাধিকাৰী ড° ৰুপাঞ্জলী দেৱী সহ আৰু কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অসমীয়া আৰু ইংৰাজী দ্বি-ভাষিক এই গ্ৰন্থখন মূলত অসম খনক সততে উত্তাল কৰি ৰখা অতি গুৰুত্বপূৰ্ণ কেইটামান জলন্ত সমস্যাক কেন্দ্ৰ কৰি ৰাজ্যখনৰ অসমীয়া আৰু ইংৰাজী বাতৰি কাকত সমূহত লেখকৰ প্ৰকাশিত চাৰি কুৰিৰো অধিক প্ৰৱন্ধক লৈ প্ৰকাশ কৰা হৈছে এই গ্ৰন্থখন ৷ ইতিমধ্যে ভূপেন্দ্ৰ চন্দ্ৰ দাসে লিখা প্ৰৱন্ধ নিয়মীয়া বাৰ্তাত কেইবাটাও প্ৰকাশিত হৈছে ৷

You might also like