নগাঁৱৰ ধিং ৰোডত ঔষধ বিপনীত ভয়াবহ অগ্নিকাণ্ড; কেবা কোটি টকাৰ মূল্যৰ ঔষধ ভস্মীভূত
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ধিং গেটস্থ প্ৰিন্স মেডিচিন ৱৰ্ল্ড নামৰ এখন ঔষধ বিপনীত কালি নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, কালি নিশা প্ৰায় দুই বজাত সংঘটিত অগ্নিকাণ্ডটোৰ ফলত বৃহৎ ঔষধ বিপনীটোৰ সকলো ঔষধ পুৰি সম্পূৰ্ণৰূপে ছাই হয়।
অৱশ্যে অগ্নি নিৰ্বাপক বাহিনীৰ কেবাখনো গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটোৰ সুত্ৰপাত হোৱা বুলি স্থানীয় এক জানিব পৰা গৈছে। উক্ত অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ কেবা কোটি হ’ব বুলি ঔষধ বিপনীৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিছে।