নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাটশিঙিমাৰীত NSS গোটৰ তিনিদিনীয়া ভাৰত ছাফাই অভিযান

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ হাটশিঙিমাৰী গোটে ২৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰত ছাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ এন এছ এছ (NSS)ৰ হাটশিঙিমাৰী গোটৰ উদ্যোগত হাটশিঙিমাৰী মহাবিদ্যালয় আৰু দাফাদাৰপাৰা এল পি স্কুলৰ শ্ৰেনী কোঠা তথা খেলপথাৰ পৰিস্কাৰ কৰি ছাফাই অভিযান চলোৱা হয়। এন এছ এছৰ হাটশিঙিমাৰী গোটৰ কাৰ্যনিৰ্বাহক বিষয়া তথা হাটশিঙিমাৰী মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড০ আব্দুল কৰিম সেখৰ নেতৃত্বত প্ৰায় অৰ্ধ শতাধিক এন এছ এছ গোটৰ সদস্য আৰু হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত এই ভাৰত ছাফাই অভিযান চলোৱা হয়।

অহা সোমবাৰৰ পৰা হাটশিঙিমাৰী মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক পাঠদান দিয়াৰ বাবে মহাবিদ্যালয় খনে সকলো ব্যৱস্থা গ্ৰহন কৰিছে। সেয়ে মহাবিদ্যালয়খনৰ শ্ৰেনীকোঠা সমূহৰ লগতে মহাবিদ্যালয়ৰ প্ৰতিটো গৃহ ছাফাই অভিযানৰ জৰিয়তে পৰিস্কাৰ কৰা হয়। প্ৰধান মন্ত্ৰী নৰেন্দৰ মোদীৰ সচ্চ ভাৰত মিছন অভিযান সফল কৰাৰ উদ্দেশ্যে এইদৰে এন এছ এছৰ হাটশিঙিমাৰী গোটে বিদ্যালয়-মহাবিদ্যালয়ত তিনিদিনীয়া ভাৰত ছাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীৰ অন্তত গোটৰ কাৰ্যনিৰ্বাহক বিষয়া জনে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

You might also like