২০২২ বৰ্ষত আৰম্ভ হ’ব ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছৰ পাঠ্যক্ৰম
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ অহা বছৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব নতুন এখন চিকিৎসা মহাবিদ্যালয়ৰ। ধুবুৰী আৰু পশ্চিম অসমৰ ৰাইজলৈ এই সুখৱৰ কঢ়িয়াই আনি আজি এই কথা সদৰি কৰিছে চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালক অনুপ বৰ্মনে।
আজি নিৰ্মীয়মান ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ কামকাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ পিছত এই কথা সদৰি কৰে চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালকগৰাকীয়ে ২০২২ বৰ্ষৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ প্ৰথম ছেমিষ্টাৰৰ পাঠ্যক্ৰম আৰম্ভ হ’ব বুলি জনায়।
উল্লেখ্য যে, আজি দুপৰীয়াৰ ভাগত চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালকগৰাকীৰ উপৰিও লোকনিৰ্মাণ (গৃহ) বিভাগৰ মুখ্য অভিযন্তা অনুজ বৰগোঁহাই, লোকনিৰ্মাণ (গৃহ) বিভাগৰ সচিব বিৰাজ তালুকদাৰ আদিকে ধৰি আন কেইবাগৰাকী কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ এটি দলে ধুবুৰীৰ ঝগৰাৰপাৰৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়স্থলী পৰিদৰ্শন কৰে। পিছত সাংবাদিকৰে হোৱা কথা বতৰাত চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালক অনুপ বৰ্মনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশ মৰ্মে চিকিৎসা শিক্ষা বিভাগ আৰু লোকনিৰ্মাণন বিভাগৰ এটি যুঁটীয়া দলে আজি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হোৱা বুলি জানিবলৈ দিয়ে।
ইতিমধ্যে ধুবুৰী চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কাম ৮০ শতাংশৰো অধিক সম্পূৰ্ণ হোৱা বুলি সদৰি কৰাৰ লগতে চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালকগৰাকীয়ে অহা বছৰ, অৰ্থাৎ ২০২২ শিক্ষাবৰ্ষত এই চিকিৎসা মহাবিদ্যালয়খনত এমবিবিএছ প্ৰথম ছেমিষ্টাৰৰ পাঠ্যক্ৰম আৰম্ভ হ’ব বুলিও জনায়। আনহাতে ধুবুৰী অসামৰিক চিকিৎসালয়ত ক’ভিডকে ভাইৰেল ৰোগৰ বিজাণু চিনাক্তকৰণৰ বাবে নিৰ্মাণ কৰি থকা অত্যাধুনিক পৰীক্ষাগাৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু সেই পৰীক্ষাগাৰটো অতি শীঘ্ৰে আৰম্ভ কৰা হ’ব বুলিও অৱগত কৰে চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালক অনুপ বৰ্মনে। ইয়াতে উল্লেখনীয় এয়াও যে, বিগত দুৰ্গাপূজাৰ মহা অষ্টমীৰ নিশা ধুবুৰী চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অহা বছৰৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়খন আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল।
Input: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী