চুটী চিনেমাৰ শ্বুটিং কৰিব গৈ ৭ জনীয়া ইউটিউবাৰ দলৰ জীৱন নাট সামৰিলে ৫ জনে
দৰঙৰ বেছিমাৰীত মালবাহী ট্ৰাক আৰু চুইফটৰ মুখামুখি খুন্দা থিতাতে নিহত ৫, আহত ২ যাত্ৰী
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ ইউটিউবত চেনেল খুলি ধাৰাবাহিকভাৱে চুটী ছবি নিৰ্মানেৰে মনোৰঞ্জন দি অহা দৰঙৰ দলগাঁৱৰ দৈপাম, আৰিমাৰী, খেটাচৰ আদিৰ ৭ জনীয়া যুৱক-যুৱতী-কিশোৰীৰে গঠিত দল এটা উঠি অহা বাহন আৰু মালবাহী ট্ৰাকৰ ম়ুখামুখি খুন্দাত আজি বেছিমাৰীত মৰ্মান্তিকভাৱে প্ৰাণ হেৰুৱায় ৫ জনকৈ ইউটিউৱিয়ানে। একেদৰে ৭ জনীয়া দলটোৰ গুৰুতৰভাৱে আহত হয় ২ জন।
এখন চুইফট ডিজায়াৰ বাহনত উঠি ৰৌতাৰ পৰা দলগাঁও অভিমুখে আহি থকা বাহন খনে তেজপুৰৰ দিশে যাত্ৰা কৰা মালবাহী ট্ৰাকত ইমানেই বেগত খুন্দিয়াই যে, বনেট সহ গাড়ীৰ সমুখাংশ ভাঙি-কাটিহে উলিয়াব লগা হয় সমুখৰ আসনত বহি অহা ৩ আৰোহী।
তাৰোপৰি হৃদয় বিদাৰকভাৱে সেই সময়ত বাহনখনৰ পাছৰ আসনত বহি থকা মাতৃ-কন্যাৰ দেহ দুটি বহা আসনৰ পৰা উফৰি গাড়ীৰ ফ্লৰত লাড়ুৰৰূপত পৰি ৰয়। দলগাৱৰ বেছিমাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দিনৰ ৩ মান বজাত সংঘটিত এই মৃত্যুৰ কিৰিলিয়ে সাধাৰণ ৰাইজৰ অন্তৰত গভীৰ আঘাত কৰাৰ লগতে উপস্হিত সকলে ৭ জনীয়া দলৰ জীয়াই থকা সকলক জীৱন দিবলৈ হৈ পৰে ব্যস্ত।
লক্ষনীয় যে, এচ আৰ অফিচিয়েল নামৰ ইউটিউৱ চেনেলৰ হৈ ওডালগুৰি জিলাৰ ৰৌতাত এখন চুটী ছবি শ্বুটিং কৰিবলৈ আজি পুৱাৰ ভাগতে দলগাৱৰ এটা দল ৰাওনা হৈছিল। দলটোত আছিল দলগাওঁ দৈপামৰ ৩৫ বছৰীয়া মঞ্জু বেগম, ছানিয়া আখতাৰা নামৰ ১৩ বছৰীয়া কিশোৰী সহ আৰিমাৰী খেটাচৰৰ ফৰিদুল ইছলাম, ইব্ৰাহিম আলী, আজাদ আলী, ৰফিকুল ইছলাম, আব্দুল আৱাল। দলটোৱে এএচ ০৭ জি ৬৭৯৪ নামৰ বাহনৰ লগতে দুচকীয়া বাহনৰেও যাত্ৰা কৰিছিল। সময়ত ৰৌতাৰ ভালুকমাৰী দলঙৰ তলত শ্বুটিং সামৰি দলটোৱে দলগাৱৰ গৃহলৈ উভতিব লয়।
ৰৌতাত কিছু সময় চাহপানী খাই দলটো ভাগে ভাগে উভতি লালপুৰ পৰ্যন্ত সুকলমে আহে যদিও বেছিমাৰীত তেজপুৰ অভিমুখী এএচ ২৩ চিচি ১০০২ পঞ্জীয়ন নম্বৰবিশিষ্ট এখন মালবাহী ট্ৰাকত খুন্দা মাৰে। তীব্ৰবেগী চুইফটৰ সেই সময়ত গতিবেগ প্ৰতি ঘন্টাত প্ৰায় ১০০ কিমি বুলি প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰিছে আৰু অৱধাৰিতভাৱেই ৫ জনকৈ আৰোহীয়ে থিতাতে জীৱন হেৰুৱায়। দলটোৰ ৩ জন গুৰুতৰভাৱে আহত অৱস্হাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে য়দিও পাছলৈ জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে।
স্হানী়য় ৰাইজে বহু সময় দলটো চিনাক্ত কৰিব পৰা নাছিল যদিও পাছলৈ নিহত সকলক ক্ৰমে আৰিমাৰীৰ আব্দুল আৱাল, দৈপামৰ ফৰিদুল ইছলাম, ইব্ৰাহীম আলী সহ মাতৃ কন্যা ক্ৰমে মঞ্জুৱাৰা বেগম আৰু ছানিয়া আকতাৰা।
ইপিনে দূৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আৰিমাৰীৰ আজাদ আলী আৰু ৰফিকুল ইছলাম। আহত দুয়োজনৰে অৱস্হা সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতেললৈ প্ৰেৰণ কৰা হৈছে। স্বাভাৱিকতে দূৰ্ঘটনাটোৰ পাছত দৈপাম আৰু আৰিমাৰীত এতিয়া কান্দোনৰ ৰোল উঠিছে আৰু সমগ্ৰ বেছিমাৰীত পৰিছে শোকৰ ছাঁ।
বিগত ৬ মাহ এচআৰ অফিচিয়েল না়মৰ ইউটিউৱ চেনেলটোৰ জৰিয়তে যথেষ্ঠ সুনাম লাভ কৰিবলৈ সক্ষম হৈছিল ৭ জনীয়া দলটোৱে। কিন্তু, চিনেমাৰে মনোৰঞ্জন দিব গৈ আজি যুৱক যুৱতী কেইগৰাকীৰ জীৱনেই হৈ পৰিল এখন শোকৰ ছবি। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ কিছু পৰিমানে বহলাই শেহতীয়াকৈ নিৰ্মানৰ পাছত দৰঙত দূৰ্ঘটনা সাম কাটিছিল যদিও ৰাষ্ট্ৰীয় ঘাইপথত বেগ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ বাবেই এনে কৰুণচিত্ৰই সকলোৰে অন্তৰত আঘাত কৰা বুলি চৰ্চিত হৈছে।
Input: দিগন্ত কুমাৰ শৰ্মা, দৰং