দক্ষিণ কামৰূপৰ বৰিহাটৰ পৰা খোজকাঢ়ি লাডাখ যাত্ৰাত সফল অঞ্জলী দাস
নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰিহাট হাটখোৱাপাৰা গাঁৱৰ অঞ্জলী দাসে বৰিহাটৰ হাটখোৱাপাৰাস্থিত নিজ বাসগৃহৰ পৰা ১৩ আগষ্টত খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰি ২৯ অক্টোবৰত লাডাখত উপস্থিত হ’ল।
মিশ্বন ফিট ইণ্ডিয়া শীৰ্ষক লক্ষ্যৰে ভাৰতবৰ্ষৰ সকলো মানুহক সুস্বাস্থ্যৰ অধিকাৰী হৈ ৰওক তাৰেই কামনাৰে অসমৰ পৰা খোজকাঢ়ি গৈ জম্মু কাশ্মীৰৰ সুদুৰ লাডাখত উপস্থিত হোৱা অসমৰ প্ৰথম মহিলা হিচাপে ইতিহাসৰ সোণালী পৃষ্ঠাত লিপিবদ্ধ হৈ ৰল। দু:সাহসিক খেলুৱৈ অঞ্জলী দাসে আজি লাডাখৰ শৃংগত জয় আই অসম লিখা গামোচা আৰু ত্ৰিৰংগা পতাকা উৰুৱালে।
২৭৯৬ কিলোমিটাৰ তিনিমাহৰ অবিৰত যাত্ৰা শেষ নৌহওঁতেই যাত্ৰা সফল কৰে। তেওঁৰ এই যাত্ৰাক বিভিন্ন দল-সংগঠনৰ লগতে নৱাৰুণ সাহিত্য সভা, বৰিহাট মাহিলী বৈঠকী, বেচৰকাৰী সংস্থা জনসাৰথি আদিকে ধৰি বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানে আন্তৰিক শুভেচ্ছা জনাইছে।