নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ বঙাইগাওঁ জিলাৰ বইটামাৰীত আজি সন্ধিয়া ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে এখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰে। ইউ পি ২১ বি এন ৮২১৪ নম্বৰৰ জব্দকৃত ট্ৰকখনত ২২ টা গৰু থকা বুলি জানিব গৈছে।
বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পাউলুস নাৰ্জাৰীৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলাই অবৈধ ভাবে সৰবৰাহ কৰা গৰু ভৰ্তি এই ট্ৰাকখন জব্দ কৰে। বিহাৰৰ কিশানগঞ্জৰ পৰা বৰপেটালৈ অবৈধ ভাৱে আনি আছিল এই গৰু কেইটা ।
আৰক্ষী ট্ৰাকখনৰ চালক- হেন্দিমেনৰ লগতে গৰু সৰবাৰহৰ ব্যৱসায়ীৰ সহায়কাৰী জাকিৰ(২৫) নামৰ এজন লোককো আটক কৰিছে। উল্লেখ্য যে আৰক্ষীৰ চকুৰ পৰা আতৰত ৰখাৰ উদ্দেশ্যেৰে ট্ৰাকখনত গৰু কেইটাৰ ওপৰত শুকান খেৰ জাপি দি লৈ আহিছিল।