আজিৰে পৰা ৩ দিনলৈ বহিঃসেৱা বর্জনৰ সিদ্ধান্ত চিকিৎসকৰ
নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ চৰকাৰ–সম চিকিৎসা সেৱা সংস্থা (আমছা) আলোচনাত মিলিত হোৱাৰ পাছতো কোনোধৰণৰ সমাধান সূত্র নোলাল৷ বৰং আমছাই পূর্বঘোষিত আন্দোলনৰ কার্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ঘোষিত আন্দোলনৰ কার্যসূচী অনুসৰি অহা ১ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ এই তিনি দিন ধৰি ৰাজ্যৰ চিকিৎসালয়সমূহৰ বহিঃবিভাগ বয়কট কৰিব চিকিৎসকসকলে৷ অর্থাৎ এই সময়ছোৱাত চিকিৎসকসকলে বহিঃবিভাগত সেৱা আগ নবঢ়ায়৷ অৱশ্যে এই আন্দোলনৰ কার্যসূচীৰ পৰা বাদ পৰিব চিকিৎসা মহাবিদ্যালয়সমূহ৷
উল্লেখ্য যে যোৱা ১৯ অক্টোবৰৰ পৰা আন্দোলনৰ কার্যসূচী ঘোষণা কৰিছিল আমছাই৷ সেই দিনা নিশাৰ ভাগত আমছাৰ প্রতিনিধি দলৰ সৈতে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এন এইচ এমৰ ৰাজ্যিক কার্যালয়ত এক বৈঠকত মিলিত হয়৷ বৈঠকত আমছাই উত্থাপন কৰা দাবী অনুসৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত কর্মৰত চিকিৎসকসকলৰ বাবে কেডাৰ পুনৰীক্ষণ–সময়োচি পদোন্নতি, টাইম স্কেল পদোন্নতি, চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্রমত সেৱাৰত চিকিৎসকৰ নামভর্তিৰ যথোচিত ব্যৱস্থা, ডিপ্লমাধাৰী চিকিৎসকৰ বাবে দৰমহাত দুটাকৈ আগতীয়া ইনক্রিমেণ্ট প্রদান, অনুজ চিকিৎসকৰ দৰমহাৰ তুলনাত জ্যেষ্ঠ চিকিৎসকৰ দৰমহাৰ হাৰৰ অসমতুলতা, চিকিৎসক–স্বাস্থ্যক সুৰক্ষা, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ পদৰ বাবে সময়মতে বিজ্ঞাপন প্রকাশ আদি সন্দর্ভত আলোচনা কৰা হৈছিল৷ কিন্তু কালি অনুষ্ঠিত আমছাৰ বিষয়ববীয়াসকলৰ সভাই স্বাস্থ্যমন্ত্রী মহন্তৰে হোৱা বৈঠকৰ কার্যবিৱৰণীত কোনোধৰণৰ সময়সীমা উল্লেখ নকৰাত অসন্তুষ্টি ব্যক্ত কৰে৷ লগতে পূর্বে ঘোষণা কৰা অনুসৰি আন্দোলনৰ কার্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত লয় বুলি জানিবলৈ দিছে আমছাৰ সভাপতি ডাঃ ননীগোপাল চহৰীয়া আৰু সাধাৰণ সম্পাদক ডাঃ কনক চন্দ্র তালুকদাৰে৷ আমছাৰ কালিৰ সভাই ৰাজ্য চৰকাৰৰ অৱসৰপ্রাপ্ত মুখ্য সচিব পি পি বার্মাৰ বিয়োগত শোক প্রকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জনায়৷