নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ভাৰত মাতা কী জয়’ ধ্বনি, ‘মোদী হ্যে ভাৰত কী গেহনা’

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ ইটালীত জি–২০ সন্মিলনত অংশ লৈ যোৱানিশা স্কটলেণ্ডৰ গ্লাছগ’ত উপস্থিত হোৱা ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক প্রবাসী ভাৰতীয়ই বিপুল আদৰণি জনায়৷ ৰাষ্ট্রসংঘৰ ক’প–২৬ সন্মিলনত অংশ লোৱাৰ বাবে গ্লাছগ’ত উপস্থিত হোৱা প্রধানমন্ত্রী মোদীক প্রবাসী ভাৰতীয়ই ‘ভাৰত মাতা কী জয়’ ধ্বনিৰে আদৰণি জনোৱাৰ সমান্তৰালকৈ মোদীক লৈ ৰচিত এটা গীত পৰিৱেশন কৰে৷ স্কটলেণ্ডৰ বৃহৎ জনসংখ্যাৰ চহৰ গ্লাছগ’ত প্রধানমন্ত্রী মোদী উপস্থিত হোৱাৰ পাছত আদৰণি জনাবলৈ প্রবাসী ভাৰতীয়ই ‘মোদী হ্যে ভাৰত কী গেহনা’ শীর্ষক গীতটো পৰিৱেশন কৰে৷ প্রবাসী ভাৰতীয়ৰ সৈতে বার্তালাপৰ সময়ত প্রধানমন্ত্রীগৰাকীয়্ শিশুৰ সৈতেও অন্তৰংগ আলাপ কৰে৷ প্রবাসী ভাৰতীয়ৰ সৈতে বার্তালাপৰ সময়ত প্রধানমন্ত্রীগৰাকীয়্ দেশৰ লগতে বিদেশত থকা ভাৰতীয় লোকে দেশলৈ যি অৱদান আগবঢ়াই আছে, তাৰ বাবে ভূয়সী প্রশংসা কৰে৷

ক’প–২৬ত অংশ ল’বলৈ স্কটলেণ্ড ভ্রমণৰত প্রধানমন্ত্রী মোদীয়ে সোমবাৰে প্রবাসী ভাৰতীয়ৰ সৈতে মিলিত হোৱাৰ পাছত ক’প–২৬ৰ আৰম্ভণি অনুষ্ঠানত অংশগ্রহণ কৰে৷ গ্লাছগ’ৰ ৰাজপথত জলবায়ু পৰিৱর্তনৰ সক্রিয় কর্মী গ্রেটাথুনবার্গে অংশ লোৱা প্রতিবাদী কার্যসূচী অব্যাহত থকাৰ মাজতে ৰাষ্ট্রসংঘৰ জলবায়ু অভিৱর্তন কার্যসূচীত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে জলবায়ু পৰিৱর্তনক লৈ ভাৰতৰ দৃষ্টিভংগী স্পষ্ট কৰি দিয়ে৷

প্রধানমন্ত্রীগৰাকীয়ে কয় যে জলবায়ু পৰিৱর্তনৰ অনুকূল হিচাপে দেশে বিকাশৰ নীতি আৰু আঁচনি গ্রহণ কৰিছে৷ এই আঁচনি বিশেষকৈ নল চে জল, ক্লীন ইণ্ডিয়া মিছন আৰু উজলাই দেশৰ নাগৰিকক লাভান্বিত কৰাই নহয়, জনতাৰ জীৱনৰ মানো উন্নীত কৰিছে৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে জলবায়ু পৰিৱর্তনৰ বিষয়টো বিদ্যালয়ৰ পাঠ্যক্রমত অন্তর্ভুক্ত কৰি শিক্ষা প্রদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ এই অনুষ্ঠানৰ পাছত প্রধানমন্ত্রী মোদীয়ে গ্রেট ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব৷ জলবায়ু পৰিৱর্তন সন্মিলনত অংশ ল’বলৈ অহা বিশ্বৰ বিভিন্ন দেশৰ নেতৃত্বৰ সৈতে প্রধানমন্ত্রী মোদীয়ে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে ক’প–২৬ সন্মিলনৰ পৰিৱেশ মন্ত্রীসকলৰ বৈঠকত অংশগ্রহণ কৰি ভাৰতৰ পৰিৱেশ মন্ত্রী ভূপেন্দৰ যাদৱে জলবায়ু চুক্তি অনুসৰি উন্নয়নশীল দেশক সাহায্য হিচাপে আগবঢ়োৱা ১০০ বিলিয়ন মার্কিন ডলাৰৰ ক্ষেত্রত উন্নত দেশসমূহে সঠিক পদক্ষেপ গ্রহণ কৰা নাই বুলি মন্তব্য কৰে৷

You might also like