নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি আইন বাতিলৰ সময়সীমা ২৬ নৱেম্বৰ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ আগন্তুক ২৬ নৱেম্বৰৰ ভিতৰত তিনি কৃষি আইন প্রত্যাহাৰ কৰাৰ বাবে চৰকাৰক সময়সীমা বান্ধি দিছে ভাৰতীয় কিষাণ ইউনিয়ন (বিকেইউ)ৰ নেতা ৰাকেশ টিকাইটে৷ নেতাগৰাকীয়ে আজি কেন্দ্রীয় চৰকাৰলৈ সতর্কবাণী কৰি কৈছে যে ২৬ নৱেম্বৰৰ ভিতৰত তিনিওখন কৃষি আইন প্রত্যাহাৰ নকৰিলে দেশজুৰি আন্দোলন অধিক তীব্রতৰ কৰি তোলা হ’ব৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে নেতাগৰাকীয়ে উল্লেখ কৰিছে যে নির্দিষ্ট কৰি দিয়া দিনৰ ভিতৰত তিনিওখন বিতর্কিত কৃষি আইন প্রত্যাহাৰ নকৰিলে তাৰ পিছদিনাখনৰ পৰা অর্থাৎ ২৭ নৱেম্বৰৰ পৰা আন্দোলন অধিক জংগী কৰি তোলা হ’ব৷ লক্ষণীয়ভাৱে প্রতিবাদী কৃষকসকলে ট্রেক্টৰেৰে আহি দিল্লীৰ চৌদিশ ঘেৰাও কৰি এইবাৰ জংগী বিক্ষোভ কার্যসূচী গ্রহণ কৰিব বুলি ঘোষণা কৰিছে নেতাগৰাকীয়ে৷ ২৬ নৱেম্বৰত কেন্দ্রীয় চৰকাৰৰ বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰৰ দাবীত কৃষকে সংগঠিত কৰা আন্দোলনৰ এবছৰ সম্পূর্ণ হ’ব৷ শেহতীয়াকৈ দিল্লীৰ টিক্রি আৰু গাজিপুৰ সীমান্তত আৰক্ষীয়ে স্থাপন কৰা বেৰিকেড উঠাই দিয়া হৈছে৷ টিকাইটে সতর্কবাণী কৰিছে যে প্রতিবাদস্থলীৰ পৰা কৃষকসকলক খেদি পঠিয়াবলৈ চেষ্টা চলালে পৰিস্থিতি অতি ভয়াৱহ হ’ব৷

You might also like