নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভাক্সিনক জৰুৰীকালীন ব্যৱহাৰত অনুমোদন ‘হু’ৰ

নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ প্রতীক্ষাৰ অন্ত পৰিল৷ দীপাৱলীৰ প্রাক্ক্ষণত ক’ভাক্সিন লোৱা দেশবাসীৰ বাবে এক সুখৰ খবৰ৷ দেশীয়ভাৱে বিকশিত ভাৰত বায়’টেকৰ ক’ভিড–১৯ ভেকচিন ক’ভাক্সিনক জৰুৰীকালীন ব্যৱহাৰত অৱশেষত অনুমোদন জনালে বিশ্ব স্বাস্থ্য সংস্থাই৷ বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণ অভিযানত ক’ভিড ভেকচিন ক’ভাক্সিন ব্যৱহাৰ কৰাৰ কিছুদিন পাছত বিশ্ব স্বাস্থ্য সংস্থাই এই ভেকচিনটো জৰুৰীকালীন ব্যৱহাৰত আনুষ্ঠানিক অনুমোদন জনোৱা নাই বুলি প্রকাশ কৰাৰ পাছতেই দেশৰ লগতে বিশ্বজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ আনকি ক’ভাক্সিন লোৱা জনতাৰ মাজতো এক শংকাৰ ভাব জাগি উঠে৷ এনে চর্চা চলি থকাৰ সময়তে ভাৰত বায়’টেকে ক’ভিড–১৯ ভেকচিন ক’ভাক্সিন মানৱ দেহত তৃতীয় পর্যায়ৰ পৰীক্ষণৰ ফলপ্রসূতাৰ প্রতিবেদন বিশ্ব স্বাস্থ্য সংস্থাক দাখিল কৰে৷ ভাৰত বায়’টেকৰ ক’ভাক্সিনৰ তথ্যক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ টেকনিকেল এডভাইচৰী গ্রুপে তন্ন তন্ন পৰীক্ষণৰ অন্তত অৱশেষত বুধবাৰে আনুষ্ঠানিকভাৱে ক’ভাক্সিন জৰুৰীকালীন ব্যৱহাৰৰ তালিকাত সন্নিৱিষ্ট কৰা হয়৷ বিশ্ব স্বাস্থ্য সংস্থাই ক’ভাক্সিন সন্দর্ভত প্রকাশ কৰা মতে, এই ভেকচিন প্রয়োগ কৰিলে বিপদৰ তুলনাত লাভান্বিত অধিক হয়৷

সেয়েহে ইয়াক ব্যৱহাৰ কৰিব পাৰি৷ মন কৰিবলগীয়া যে ভাৰত বায়’টেকৰ ক’ভাক্সিনক জৰুৰীকালীন ব্যৱহাৰত অনুমোদনত বিশ্ব স্বাস্থ্য সংস্থাই বিলম্ব কৰি আহিছিল৷ অলপতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জি–২০ সন্মিলনত অংশ ল’বলৈ যোৱাৰ সময়ত বিশ্ব স্বাস্থ্য সংস্থাৰ সচিবপ্রধান টেড্র’ছ আধানমক সাক্ষাৎ কৰি ক’ভাক্সিন অনুমোদনৰ বাবে আহ্বান জনোৱা বুলিও আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রচাৰিত হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সচিবপ্রধানৰ সৈতে সাক্ষাতৰ পাছতেই ক’ভাক্সিনক জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনোৱা হয়৷

লক্ষণীয় যে ক’ভিড–১৯ আক্রান্ত ৰোগীৰ ক্ষেত্রত ক’ভাক্সিন ৭৭.৮ শতাংশ ফলপ্রসূ৷ তদুপৰি নতুন ডেল্টা প্রকৰণৰ বিৰুদ্ধেও এই ক’ভাক্সিনৰ ৬৫.২ শতাংশ প্রতিৰোধ ক্ষমতা আছে৷ তৃতীয় পর্যায়ৰ মানৱ দেহত পৰীক্ষণ সম্পূর্ণ নকৰাকৈয়ে ভাৰতে ক’ভাক্সিন প্রয়োগ কৰাৰ পাছতেই এই ভেকচিনৰ ফলপ্রসূতাক লৈ প্রতিক্রিয়া সৃষ্টি হৈছিল৷ বিশ্ব স্বাস্থ্য সংস্থাই তৃতীয় পর্যায়ৰ পৰীক্ষণ নকৰাৰ বাবে অনুমোদন নজনোৱাৰ পৰিপ্রেক্ষতত যোৱা জুন মাহত ভাৰত বায়’টেকে তৃতীয় পর্যায়ৰ পৰীক্ষণ সম্পূর্ণ কৰি ইয়াৰ ফলপ্রসূতাৰ তথ্য বিশ্ব স্বাস্থ্য সংস্থাক দাখিল কৰিছিল৷

You might also like