নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্রতিৰোধী প্রথমটো এণ্টি–ভাইৰেল পিল ব্যৱহাৰ ব্রিটেইনৰ

নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰ:  বিশ্বৰ প্রথমখন দেশ হিচাপে ব্রিটেইনে ক’ভিড–১৯ত আক্রান্ত হোৱা ৰোগীৰ ক্ষেত্রত এণ্টি–ভাইৰেল ক’ভিড–১৯ পিল ব্যৱহাৰ কৰাৰ ক্ষেত্রত অনুমোদন জনাইছে৷ এই এণ্টি–ভাইৰেল ক’ভিড–১৯ পিল লাগেভ্রি’ (মলনুপিৰাভিৰ) প্রস্তুত কৰি উলিয়াইছে ৰিডগেবেক বায়’থেৰাপিউটিকছ আৰু মার্কচার্ক এণ্ড ধোম (এম এছ ডি) নামৰ সংস্থা দুটাই৷

ক’ভিড ৰোগীৰ বাবে এয়া নিৰাপদ তথা ফলপ্রসূ বুলি প্রমাণিত হোৱাৰ পিছতে ব্রিটেইনে ইয়াক ব্যৱহাৰৰ ক্ষেত্রত অনুমোদন জনাইছে৷ লক্ষণীয়ভাৱে ই ভেকচিনৰ বিকল্প নহয় যদিও ই ক’ভিড আক্রান্ত ৰোগীক সহজে সুস্থ কৰি তোলে৷

You might also like