নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধূমকেতুৰ বিস্ফোৰণৰ দৃশ্য ধৰা পেলালে ব্রিটিছ জ্যোতির্বিজ্ঞানীয়ে

নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰ:  ধূমকেতুৰ বিস্ফোৰণক লৈ সৃষ্টি হৈছে জ্যোতির্বিজ্ঞানীসকলৰ মাজত কৌতূহল৷ হঠাতে যেন আগ্ণেয়গিৰিৰ দৰে মহাকাশত সৃষ্টি হৈছে উত্তপ্ত লাভাৰ উদ্গীৰণ৷ এনে এক ধূমকেতুৰ বিস্ফোৰণৰ প্রথম সন্ধান পাইছে বিজ্ঞানীসকলে৷ যোৱা শতিকাৰ নব্বৈৰ দশকত দেখিবলৈ পোৱা হেল–বপ ধূমকেতুৰ দৰে উজ্জ্বল এই নতুন ধূমকেতুৰ বিস্ফোৰণ৷ ১৯২৭ চনত আৱিষ্কাৰ হ’লেও ইয়াৰ উজ্জ্বল আভা বিজ্ঞানীসকলে কেতিয়াও দেখা পোৱা নাছিল৷

পৃথিৱীৰ আকাশত এই উজ্জ্বল আভা বিয়পাই দিয়া নাছিল ধূমকেতুটোৱে৷ ধূমকেতুৰ নাম ‘কমেট ২৯–পি’৷ সূর্যক প্রদক্ষিণ কৰি আছে এই ধূমকেতুৱে দূৰ কক্ষপথৰ পৰা৷ শনি আৰু বৃহস্পতিৰ মাজত ইয়াৰ অৱস্থান৷ ব্রিটিছ এষ্ট্রোনমিকেল এছ’চিয়েচনৰ মতে, ২৫ ছেপ্ঢেম্বৰৰ পৰা এই ধূমকেতুৰ পৃষ্ঠত সংঘটিত হৈছে ৰহস্যজনক বিস্ফোৰণ৷ টেলিস্কোপত ধৰা পৰিছে ইয়াৰ বিস্ফোৰণৰ দৃশ্য৷

You might also like