নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেৰুৱাত স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত কৃষক প্ৰশিক্ষণ

 নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰ : বান আৰু খৰাঙৰ দৰে প্ৰাকৃতিক দুৰ্যোগ আদিত পীড়িত অঞ্চলৰ ক্ষতিগ্ৰস্ত কৃষকে বিকল্প আৰু উন্নত জাতৰ বীজেৰে খেতি কৰি কেনেদৰে লাভাম্বিত হ’ব পাৰিব সেই বিষয়ক লৈ গুৱাহাটীৰ গণ সেৱা চ’ছাইটি আৰু কেৰিটাছ ইণ্ডিয়া নামৰ স্বেচ্ছাসেৱী সংস্থা দুটাই কৃষকৰ মাজত অনুষ্ঠিত কৰে এটি কৃষক প্ৰশিক্ষণ।

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ গেৰুৱাৰ জ্ঞানোদয় পুথিভঁৰালত কালি এদিনীয়াকৈ এটি কৃষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে বানপীড়িত জিলাখনৰ লাহৰীঘাট আৰু মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত ২০ খন গাঁৱৰ কৃষকসকলক সামৰি এই প্ৰশিক্ষণ শিবিৰটো অনুষ্ঠিত কৰে। প্ৰশিক্ষণ শিবিৰটোত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিশেষজ্ঞ সৌৰভ বৰুৱা। ভূমি বিশেষজ্ঞ বৰুৱাই বানপানী, খৰাং আদি প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত অঞ্চলৰ কৃষক সকলে বৰো খেতিত ৰণজিৎ চাৱ ১, স্বৰ্ণচাৱ ১, আহু খেতিত কাবেৰী আদি উন্নত জাতৰ ধান খেতি কৰিলে খেতিয়কসকল উপকৃত হ’ব পাৰিব বুলি উল্লেখ কৰে।

আনকি ৰণজিৎ চাৱ ১, স্বৰ্ণচাৱ ১ জাতৰ খেতি বানত ডুব গলেও নষ্ট নহয় । এই উন্নত জাতৰ বীজ ১৫-২০ দিনলৈকে পানীৰ তলত থাকিলেও খেতি মৰি নাযায়। ইয়াৰোপৰি প্ৰাকৃতিক দুৰ্যোগৰ বিকল্প খেতি হিছাপে খৰালি কোন বিধ মাহ, সৰিয়হ আদি নানা ফচলৰ খেতি কৰিব লাগে সেই বিষয়েও বিতংভাবে বুজাই দিয়াৰ লগতে কেঁচু সাৰ প্ৰস্তুত কৰাৰ সন্দৰ্ভতো কৃষক সকলক প্ৰশিক্ষণ দিয়ে ।

উল্লেখ্য যে প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত অঞ্চলৰ লোক আৰু কৃষকসকলৰ উন্নয়নৰ বাবে গুৱাহাটীৰ গণ সেৱা চ’ছাইটিয়ে কেৰিটাছ ইণ্ডিয়া নামৰ সংস্থাটোৰে মিলি বানপীড়িত মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত কাম কৰি আছে। প্ৰশিক্ষণ শিবিৰটো পৰিচালনা কৰিছিল গণ সেৱাৰ সমন্বয়ক প্ৰবীণ নাৰ্জাৰী, কমিনিটি ম’ভিলাইজাৰ তুলসী ডেকা, শিখা দেউৰী আৰু উৎপল শইকীয়াই ।

You might also like