জোনাইত গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক তিহাৰ উৎসৱ উদযাপন
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰ: ইতিমধ্যে আৰম্ভ হৈছে গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক সংস্কৃতিক তথা জাতীয় উৎসৱ তিহাৰ I এই তিহাৰ উৎসৱ পাঁচদিনীয়াকৈ চলে I ইতিমধ্যে কাউৰী আৰু কুকুৰক পূজা কৰাৰ পাছত বৃস্পতিবাৰে জনগোষ্ঠীটোৱে পুৱাৰ ভাগত মা স্বৰূপী গাই গৰুক পূজা কৰে I সন্ধিয়া মা লক্ষ্মীক পূজা কৰাৰ পাছত জনগোষ্ঠীটোৰ কিশোৰী, যুৱক- যুৱতী, বোৱাৰীয়ে একে লগ হৈ ঘৰে ঘৰে গৈ দেউচী ভৈলি গোৱাৰ পৰম্পৰা আছে I এই দৃশ্য ধেমাজি জিলা জোনাইৰ প্ৰগতিশীল যুৱক সংঘৰ যুৱক- যুৱতীয়ে বৃস্পতিবাৰে গোৰ্খা জনসাধাৰণৰ ঘৰে ঘৰে গৈ দেউচী ভৈলী গোৱাৰ I যুৱ সংঘটোৰ প্ৰায় পঞ্চাশ জনীয়া যুৱক- যুৱতীৰ এটা দলে ঘৰে ঘৰে গৈ ভৈলি গোৱাৰ ওপৰিও গৃস্থক আশীৰ্বাদ দিয়ে I এনেদৰে তীহাৰ উপলক্ষ্যে গোৰ্খা বসতি গাওঁসমুহত উখল মাখল পৰিবেশৰ সুচনা হয় I বৃস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই দেউচী ভইলী গোৱা পৰম্পৰা অহা একাদশীলৈ চলিব I
উল্লেখ্য যে গোৰ্খা জনগোষ্ঠীটোৰ পাঁচ দিনিয়াকৈ চলা এই তিহাৰ উৎসৱ শনিবাৰে ভাতৃ দ্বিতীয় দিনা অন্ত পৰিব I