ৰঙিয়াত সুৰামত্ত আৰক্ষী জোৱানৰ উদণ্ড আচৰণ , থানাত গোচৰ দিবলৈ যোৱা ভুক্তভোগীক গুলীয়াই মৰাৰ ভাবুকি
নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰ:-ৰঙিয়া থানাত চাঞ্চল্যকৰ ঘটনা । থানাত অভিযোগ দিবলৈ অহা ভুক্তভোগী পৰিয়ালক গুলিয়াবলৈ খেদি গ’ল নিচাসক্ত বেটেলিয়ানে । উদণ্ড আচৰণ কৰা বেটেলিয়ানজন হৈছে চতুৰ্থ এপিটিএফৰ শান্তনু দাস । প্ৰাপ্ত অভিযোগ মতে যোৱা নিশা ৰঙিয়াৰ ইউচুফ নগৰৰ আব্দুল কাদিৰ নামৰ এগৰাকী ব্যক্তিয়ে পৰিয়ালসহ উদিয়ানাত সম্পৰ্কীয় লোকৰ ঘৰত আলহী খাবলৈ গৈছিল । পিছত এক অবাঞ্চিত ঘটনাৰ সূত্ৰপাত হৈ কাদিৰৰ লগতে পৰিয়ালৰ লগতে আটাইকেইজনকে উক্ত পৰিয়ালটোৱে আৱদ্ধ কৰে । এই ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত খবৰ দিয়াত আৰক্ষীৰ এটা দলে গৈ পণবন্দী কৰি থোৱা আটাইকেইজনকে উদ্ধাৰ কৰি থানালৈ আনে ।
ইয়াৰ পিছতে আৰক্ষীৰ দলটোৰ লগত যোৱা শান্তনু দাস নামৰ নিচাসক্ত বেটেলীয়ানজনে উদণ্ড আচৰণ কৰি কাদিৰৰ লগতে পুত্ৰক থানাৰ চৌহদত গুলিয়াবলৈ বন্দুক তুলি লয় । সুৰামত্ত বেটেলীয়ানজনৰ উগ্ৰমুৰ্তি দেখি পৰিয়ালটোৱে আতংকিত হৈ থানাৰ ভিতৰতে নিৰাপদ আশ্ৰয় লবলৈ দৌৰা-দৌৰি কৰে । অৱশেষত থানাৰ ভিতৰত অন্য কেইজনমান আৰক্ষী উপস্থিত হৈ কোনোমতে উন্মত্ত বেটেলিয়ান জনক আৱদ্ধ কৰে । ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীৰ ঊৰ্ধ্বতন বিষয়াৰ কাষ চপাৰ পিছতে প্ৰশাসনে উন্মত্ত বেটেলিয়ান জনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।