নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদীৰ পদুমনিত জৈৱ বৈচিত্ৰ্য উদ্যানৰ নামত চৰকাৰী ধনৰ অপচয়

নিয়মীয়া বাৰ্তা,  ৮ নৱেম্বৰ : অযত্নপালিত হৈ হাবি জংঘলেৰে ভৰি পৰিছে বগীনদী পদুমনি আইথানৰ সমীপৰ জৈৱ বৈচিত্ৰ্য উদ্যানখন। লাখ লাখ চৰকাৰী ধন অপচয় কৰি স্থাপন কৰা এই উদ্যানখনৰ প্ৰতি লখিমপুৰ জিলা বন বিভাগৰ কোনো গুৰুত্ব নাই । লখিমপুৰ বন সংমণ্ডলৰ অধীনৰ তথা পথালিপাম খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত পদুমণি উদ্যানৰ সমীপতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত স্থাপন কৰা জৈৱ বৈচিত্ৰ্য উদ্যানখন বিভাগীয় বিষয়া কৰ্মচাৰীৰ অমনোযোগীতাৰ বাবে প্ৰতিপালনৰ অভাৱত হাবি জংঘলে ভৰি পৰিছে ।

উল্লেখ্য যে ২০১৭ চনত এই জৈৱ বৈচিত্ৰ্য উদ্যানখন ঢকুৱাখনা বিধান সভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে সহযোগী বন মন্ত্ৰী হৈ থাকোঁতে মন্ত্ৰী গৰাকীয়ে গছ পুলি ৰোপন কৰি শুভাৰম্ভ কৰিছিল এই উদ্যানৰ । লাখ লাখ টকা ব্যয়েৰে সৌৰজগতৰ আৰ্হিত নক্ষত্ৰ পুঞ্জ আকৃতিৰ গছ পুলি ৰোপন কৰিবলৈ গৈ সেই সময়ত বন বিভাগটোৱে যি জাক জমকতাময় পৰিবেশৰ সৃষ্টি কৰিছিল সেই সকলোবোৰ সম্প্ৰতি ভেকোঁভাওনাত পৰিণত হোৱাহে পৰিলক্ষিত হৈছে । উদ্যানখনত বহু মূল্যৱান গছ পুলি ৰোপন কৰা হৈছিল যদিও আজি তিনি বছৰে প্ৰতিপাল আপডালৰ অভাৱত পৰি উদ্যানখন হাবি জংঘলে আবৰি ধৰি সেই মূল্যবান গছ পুলিৰ অস্তিত্ব নোহোৱা হৈছে । লখিমপুৰ বন সংমণ্ডলে ৰাইজক চমক দেখুৱাই উদ্যানখন স্থাপন কৰি লাখ লাখ চৰকাৰী ধন অপচয় কৰাক লৈ বগীনদীৰ সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

You might also like