যোগীঘোপাত বোৱাৰী ধৰ্ষণৰ ঘটনা গাপ দিয়াৰ চেষ্টা
নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ- বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত বালাপাৰাৰ ছেদামাৰী গাঁৱৰ এগৰাকী বোৱাৰী ধৰ্ষণৰ ঘটনাৰ অভিযুক্তৰ পৰা কেইজনমান লোকে চাৰি লাখ টকা ক্ষতিপূৰণ আদায় কৰি সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰ তথ্য পোহৰলৈ অহাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত এজন শিক্ষকক ইতিমধ্যে যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজন এখন প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা কৰেয়া প্ৰথম খণ্ড গাঁৱৰ মোজাম্মেল হুছেইন(৫০) বুলি আৰক্ষী সুত্ৰে জানিব পৰা গৈছে ।ভুক্তভোগি বোৱাৰী গৰাকীৰ পিতৃয়ে যোগীঘোপা থানাত দাখিল কৰা এজাহাৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি কালি বিয়লি বালাপাৰা বজাৰৰ পৰা শিক্ষক মোজাম্মেল হুছেইনক আটক কৰে ।আজি আৰক্ষীয়ে মোজাম্মেল হুছেইনক উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে ।ভুক্তভোগি বোৱাৰী গৰাকীৰ পিতৃয়ে থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে , কণ্যাৰ স্বামী তথা বালাপাৰাৰ ছেদামাৰী গাঁৱৰ আৰিফ উদ্দিন কেইমাহমান পূৰ্বে এক গোচৰত আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে । আৰিফ জেল হাজোতত থকাৰ সুযোগ গ্ৰহণ কৰি তেওঁৰ মাহীয়েকৰ পুত্ৰ শ্বহিদুৰ ৰহমানে আৰিফৰ পত্নীক যোৱা ২৮ ফেব্ৰুৱাৰীৰ নিশা নিচাজাতীয় বস্তু খাবলৈ দি ধৰ্ষণ কৰে ।এই সন্দৰ্ভত ভূক্তভোগি বোৱাৰী গৰাকীয়ে শিক্ষক মোজাম্মেল হুছেইনক অৱগত কৰে ।শিক্ষক মোজাম্মেল হুছেইনকে আদি কৰি কেইজনমান স্থানীয় লোকে গাঁৱত এখন বিচাৰ পাতি ধৰ্ষণৰ ঘটনা গাপ দিব’লৈ ধৰ্ষণৰ অভিযুক্ত শ্বহিদুৰ ৰহমান পৰা ক্ষতিপূৰণ তথা জৰিমনা হিচাপে চাৰি লাখ টকা আদায় কৰে ।আনকি অভিযুক্তক উপযুক্ত জৰিমনা বিহা বুলি জনাই ভূক্তভোগি বোৱাৰী গৰাকীক আইনৰ আশ্ৰয় ল’বলৈ বাধা দিয়ে লোক কেইজনে ।পিছত উপায়ন্তৰ হৈ ভূক্তভোগি বোৱাৰী গৰাকীৰ পিতৃয়ে যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰে ।আৰক্ষীয়ে এজাহাৰ ভিত্তিত শিক্ষক মোজাম্মেল হুছেইনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । আনহাতে ঘটনাৰ আন অভিযুক্ত কেইজন সম্প্ৰতি পলাতক হৈ আছে ।